ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় শিল্পীৰ অংশগ্ৰহণেৰে সামৰণি পৰিল মাজুলী সংগীত মহোৎসৱৰ:'বিশ্ব ঐতিহ্য ক্ষেত্ৰ' ঘোষণা-দলং নিৰ্মাণৰ দাবী

Pic

ৰাজীৱ পাতিৰ,মাজুলী:
 
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শিল্পীৰ অংশগ্ৰহণেৰে
সোমবাৰে পুৱতি নিশা সামৰণি পৰে মাজুলী সংগীত মহোৎসৱৰ বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰ। যোৱা ১৫ নৱেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে মাজুলী জেংৰাইমুখৰ খেৰকটীয়া নৈৰ  মনোৰম প্ৰাকৃতিক পৰিৱেশত অনুষ্ঠিত হোৱা অন্তিম দিনৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰে মাজুলী জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা বিশিষ্ট কবি উৎপল দলেই । মাজুলী মিউজিক ফেষ্টিভেল ফাউণ্ডেচনৰ উদ্যোগত 'পৰিৱৰ্তনৰ বাবে সংগীত' শীৰ্ষক বাণীৰে অনুষ্ঠিত এই মহোৎসৱ কাৰ্যসূচীত বিশিষ্ট শিল্পী ক্ৰমে গুৰু ৰোৱেন মাচাংৱা,কল্যাণ বৰুৱা,যতীন শৰ্মা,নিলোৎপল বৰা,গল্ডী সোহেল,সোহাশ যোশী,শংকুৰাজ কোঁৱৰ,অভি শইকীয়া,বায়' এণ্ড মিৰি দ্য ব্ৰেণ্ড,আইলেণ্ড ৱাৰিয়াৰ,এলব' নাগা এণ্ড দ্যা বেণ্ড,কাল্টিভেটাৰ্চ,অভিলাশ চৌধুৰী,ইষ্টাৰ্ণ চল' প্লেয়াৰচ,ৰেইন ইন ছাহাৰা,মনিৰাজ হাজৰিকা আদিকে ধৰি বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শিল্পীয়ে অংশগ্ৰহণ কৰি মাজুলীত সংগীতৰ যাত্ৰাক  উৎসাহিত কৰাই নহয় সংগীতত এক নতুন ইতিহাসৰো সৃষ্টি কৰিলে মাজুলীত ।

Pic

কেৱল সংগীত জগতখনকে নহয়,পৰ্যটন ক্ষেত্ৰখনতো নতুন পৰিৱেশ সূচনা হয় মাজুলীৰ গ্ৰামাঞ্চলত । এই মহোৎসৱত অংশগ্ৰহণ কৰা বৰেণ্য শিল্পীসকলে অনাগত দিনত এই সংগীত মহোৎসৱৰ লক্ষ্য আৰু উদ্দেশ্যক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ ক্ষেত্ৰত সকলো ধৰনৰ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে । তেওঁলোকে মাজুলীৰ মাদকতা লাভ কৰি উৎফুল্লিত হোৱাৰ কথা গীতৰ মাজে-মাজে প্ৰকাশ কৰাৰ লগতে মাজুলী-যোৰহাট আৰু মাজুলী-লখিমপুৰ সংযোগী দলং নিৰ্মাণ কৰা,মাজুলীৰ ভৌগোলিক সুৰক্ষা নিশ্চিত কৰা মাজুলীক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা আদি কেইবাটাও গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰে ।

Pic

পৰৱৰ্তীকালত প্ৰচাৰ-প্ৰসাৰ চলোৱাৰ ক্ষেত্ৰখনত মাজুলী মিউজিক ফেষ্টিভেল ফাউণ্ডেচনৰ সৈতে একেলগে কাম কৰি যোৱাৰ পোষকতা কৰাত মাজুলীৰ হাজাৰ-হাজাৰ দৰ্শকে উৎসাহিত হৈ হাত চাপৰি বজাই দিয়ে মহোৎসৱৰ থলীত । তদুপৰি,মাজুলীৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দল ক্ৰমে মিচিং, দেউৰী,নেপালী, সোণোৱাল-কছাৰী,অসমীয়া বিহু দল,সত্ৰীয়া সংস্কৃতি আদিৰ উপৰিও বিভিন্ন সাংস্কৃতিক দলে প্ৰদৰ্শন কৰা সাংস্কৃতিক কাৰ্যসূচী মহোৎসৱৰ অন্যতম আকৰ্ষণ আছিল।ইফালে, সংগীত বিদ্যালয় প্ৰতিষ্ঠা কৰা,গছপুলি ৰোপনৰ দ্বাৰা সেউজকৰণৰ পৰিৱেশ গঢ়ি তোলা,প্ৰদূষণমুক্ত জিলা হিচাপে গঢ়ি তোলাৰ বাবে ই-ৰিক্সা-সৌৰশক্তিৰ ব্যৱহাৰৰ পৰিকল্পনা আৰম্ভ কৰা,গ্ৰামাঞ্চলত পৰ্যটকক আকৰ্ষণৰ বাবে 'গৃহ আশ্ৰয়' গঢ়ি তোলাৰ তোলাৰ বাবে কাৰ্যসূচী ঘোষণা কৰে মাজুলী মিউজিক ফেষ্টিভেল ফাউণ্ডেচনে । সংগীতৰ এই যাত্ৰাত বিভিন্ন দল-সংগঠন তথা মাজুলীবাসীয়ে জনোৱা সঁহাৰি-সহযোগিতাৰ বাবে সকলোলৈ কৃতজ্ঞতা প্ৰকাশ কৰিছে মাজুলী মিউজিক ফেষ্টিভেল ফাউণ্ডেচনৰ সভাপতি মুকুল দলেই ।

Your Comments