ট্ৰেংকুলাইজাৰত অধিক মাত্রাত ঔষধ ব্যৱহাৰৰ বাবেই ওৰাঙত 'কৃষ্ণ'ৰ মৃত্যু হ'ল-অৰণ্য সুৰক্ষা সমিতি

Pic

দলগাঁৱৰ প্ৰতিবেদক:

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত চিকিৎসাধীন হৈ থকা 'কৃষ্ণ' নামৰ হাতীটোৰ দেওবাৰে পুৱতি নিশা মৃত্যু হয়।গোৱালপাৰাৰ ৰংজুলিৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ  যোৱা ১২ নৱেম্বৰত প্ৰশিক্ষণৰ বাবে স্থানান্তৰ কৰা হৈছিল কৃষ্ণক।কৃষ্ণ নামৰ হাতীটোৰ মৃত্যু হোৱাৰ ক্ষেত্ৰত অৰণ্য সুৰক্ষা সমিতিৰ সভাপতি দিলীপ নাথে বনবিভাগৰ লোকে গাফিলতি কৰাৰ অভিযোগ তোলাৰ লগতে ট্ৰেংকুলাইজাৰত অতিমাত্ৰা ঔষধৰ ব্যৱহাৰ কৰাৰ বাবেই হাতীটোৰ মৃত্যু হৈছে বুলি উল্লেখ কৰিছে।তেওঁ কৃষ্ণৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ দাবী কৰিছে।কৃষ্ণৰ মৃত্যুৰ মৰণোত্তৰ পৰীক্ষা অসমৰ পশু চিকিৎসকৰে দ্বাৰা কৰিলে অৰণ্য সুৰক্ষা সমিতিয়ে মানি নলয় বুলি তেওঁ উল্লেখ কৰিছে।কাৰণ,অসমৰ পশু চিকিৎসকক বন বিভাগৰ লোকে মেনেজ কৰি ভুল তথ্য প্ৰদান কৰি হাতীটোৰ আগৰে পৰাই বেমাৰ থকা বুলি তথ্য প্ৰদান কৰাৰ সন্দেহ প্ৰকাশ কৰিছে অৰণ্য সুৰক্ষা সমিতিয়ে।লগতে অসমৰ বাহিৰৰ চিকিৎসকক কৃষ্ণৰ মৃত্যুৰ মৰণোত্তৰ পৰীক্ষা কৰিবলৈ দাবী উত্থাপন কৰিছে অৰণ্য সুৰক্ষা সমিতিৰ সভাপতি দিলীপ নাথে।বন বিভাগৰ লোকে কৃষ্ণ নামৰ হাতীটোক ট্ৰেংকুলাইজাৰ কৰাৰ পিছতে বলপূৰ্বকভাবে পেলোৱাৰ বাবেই হাতীটোৰ হাড় ভগাৰ সন্দেহ কৰিছেঅৰণ্য সুৰক্ষা সমিতিয়ে।লগতে হাতীটোক যি ধৰণেৰে চিকিৎসা প্ৰদান কৰিব লাগিছিল,তেনে ধৰণেৰে চিকিৎসা প্ৰদান নকৰাৰ বাবেই কৃষ্ণৰ মৃত্যু হোৱা বুলি অভিযোগ কৰাৰ লগতে বয়স উকলি যোৱাৰ পিছতো হাতীটোক বলপূৰ্বকভাৱে প্ৰশিক্ষণ প্ৰদান কৰাৰ বাবে হাতীটোৱে আঘাত পাইছিল আৰু তাৰ বাবেই কৃষ্ণৰ মৃত্যু হ'ল বুলি উল্লেখ কৰিছে।কৃষ্ণক বলপূৰ্বকভাৱে প্ৰশিক্ষণ দিব ওলোৱাটো বন বিভাগৰ প্ৰথম ভুল বুলি নাথে মন্তব্য কৰিছে।গতিকে তদন্ত অসমত কৰিলে নহ'ব বুলিও তেওঁ কয়। কৃষ্ণৰ মৰণোত্তৰ পৰীক্ষা অসমৰ বাহিৰত কৰোৱাৰ দাবী অৰন্য সুৰক্ষা সমিতিৰ। কাৰণ, মৰণোত্তৰ পৰীক্ষা অসমৰ বাহিৰত কৰিলেহে প্ৰকৃত তথ্য অসমৰ ৰাইজে জানিব পাৰিব । সংবাদ মাধ্যমক বন বিভাগৰ লোকে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত প্ৰৱেশ কৰিব নিদিয়াক লৈয়ো মন্তব্য কৰে দিলীপ নাথে । 'ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ লগতে বনবিভাগৰ লোকে যেতিয়া হাতীয়ে পোৱালী দিয়ে,নীতি-নিয়ম নোহোৱাকৈ কৃতিত্ব ল'বলৈ সংবাদ মাধ্যমক মাতে । কিন্তু কৃষ্ণৰ মৃত্যু হোৱাৰ বাবে বন বিভাগৰ লোকে তথ্য লুকোৱাবলৈ সংবাদ মাধ্যমৰ লোকক ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰিছে'-নাথে মন্তব্য কৰে।উল্লেখযোগ্য যে 'পিচিচিএফ'ৰ নেতৃত্বত চিকিৎসকৰ বৃহৎ দল এটাই কৃষ্ণৰ চিকিৎসা চলাই  আছিল যদিও দেওবাৰে পুৱতি নিশা হাতীটোৱে অকাল মৃত্যুক সাবটি লয়।ইফালে,ওৰাং ৰাষ্ট্ৰীয় উদ্যানত কৃষ্ণ নামৰ হাতীটোৰ চিকিৎসা চলি থকাৰ অৱস্থাতে অকাল মৃত্যুক সাৱটি লোৱা ঘটনাক অঞ্চলটোৰ লোকসকলে দুখ প্ৰকাশ কৰিছে ।

Your Comments