'কেব' বিৰোধিতাৰে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৃষক মুক্তি সংগ্রাম সমিতিৰ

Pic

সোমবাৰৰ পৰা আৰম্ভ হ'ব লগা সংসদৰ শীতকালীন অধিৱেশনত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'ব বুলি বিজেপি চৰকাৰে ঘোষণা কৰাৰ পিছতে পুনৰ জ্বলিছে ৰাজ্য।বিধেয়কখনৰ বিৰোধিতাৰে ইতিমধ্যে উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ সংগঠনে ঘোষণা কৰিছে আন্দোলনৰ কাৰ্যসূচী।তাৰ মাজতে দেওবাৰে বিধেয়ক বিৰোধিতাৰে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে কৃষক মুক্তি সংগ্রাম সমিতিয়ে।সংগঠনটোৰ মুখ্য কাৰ্যালয়ত কৃষক নেতা অখিল গগৈয়ে এক সংবাদ মেল সম্বোধন কৰি কয় -নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সোমবাৰ অৰ্থাৎ ১৮ নৱেম্বৰৰ পৰা কৃষক মুক্তি সংগ্রাম সমিতিসহ ৪ টাকৈ ভাতৃ-ভগ্নী সংগঠনে সমগ্ৰ ৰাজ্য,গাঁৱে-ভূঁয়ে, নগৰে-চহৰে ঘৰে ঘৰে গৈ ৰাইজৰ মাজত বিতৰণ কৰিব প্ৰচাৰ পত্ৰিকা। তাৰ পিছৰ পৰ্যায়ত অহা ২২ নৱেম্বৰত সংগঠনটোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাষ্ট্ৰপতিলৈ অন্তিমবাৰৰ বাবে স্মাৰকপত্ৰ দিয়াৰ বাবে 'ৰাজভৱন চলো' কাৰ্যসূচী গ্ৰহণ কৰিব।উক্ত কাৰ্যসূচীৰ জৰিয়তে ৰাজ্যপালৰ জৰিয়তে স্মাৰকপত্ৰ প্ৰদান কৰিব।

Your Comments