শিক্ষক-যুৱ লেখক জিতুল বৰালৈ গৌৰৱ বঁটা

JITUL BORA

গুৱাহাটীঃ নদীদ্বীপ মাজুলীৰ ৬৫ নং বালিচাপৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা যুৱ লেখক জিতুল বৰালৈ 'গৌৰৱ বঁটা-২০১৯' আগবঢ়োৱা হৈছে।

সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে বৃহস্পতিবাৰে কেন্দ্ৰীয়ভাৱে কলিয়াবৰত অনুষ্ঠিত কৰা শিক্ষক দিৱসৰ কাৰ্যসূচীত তেওঁক এই বঁটা প্ৰদান কৰে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে।

ইয়াত উপস্থিত থাকে অসম চৰকাৰৰ জলসম্পদ তথা তথ্য প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, বিশিষ্ট সাংবাদিক তথা চিন্তাবিদ অদীপ কুমাৰ ফুকন, সাংবাদিকদ্বয় ৰাজদ্বীপ বাইলুং বৰুৱা আৰু পৰাগমণি আদিত্য, যুৱ নেতা মণিমাধৱ মহন্ত, সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ কেন্দ্রীয় সভাপতি ত্ৰৈলুক্য ডেকা, সাধাৰণ সম্পাদকদ্বয় মিৰাজুল ৰছিদ আৰু দীপাৰ্ণৱ ঘোষ।

উল্লেখ্য বৰাই ইতিপূৰ্বে ‘ইণ্ডিয়া ষ্টাৰ বুক অফ ৰেকর্ড’ সংস্থাৰ ‘ইণ্ডিয়া ষ্টাৰ পেচন এৱার্ড-২০১৯’, সমতা সাহিত্য অকাডেমিৰপৰা 'শিক্ষক ৰত্ন সন্মান-২০১৯’, 'আম্বেদকাৰ ফেল’শ্বিপ সন্মান-২০১৭' লাভ কৰিছে।

Your Comments