দেশ অৰ্থনৈতিক মণ্ডাৱস্থাৰ সন্মুখীন হোৱা বুলি চৰ্চা চলি থকাৰ মাজতে দেশৰ নিবনুৱাসকললৈ এটা ভাল খবৰ আহিছে।বিশ্বৰ সৰ্ববৃহৎ মোবাইল চার্জাৰ নিৰ্মাণ কৰা কোম্পানী ফিনলেণ্ডৰ "ছালক'ম্প"-এ তামিলনাডুৰ চেন্নাইত এটা উদ্যোগ প্ৰতিষ্ঠানত মোবাইল চার্জাৰ আৰু অন্যান্য উপকৰণ উৎপাদন কৰা আৰম্ভ কৰিব।ছালক'ম্পে চেন্নাইত ১০ বছৰ ধৰি বন্ধ হৈ থকা ন'কিয়া মোবাইল কোম্পানীৰ এটা উদ্যোগ প্ৰতিষ্ঠান অধিগ্ৰহণ কৰিবলৈ আগবাঢ়িছে।উল্লেখ্য যে ছালক'ম্পে উৎপাদন আৰম্ভ কৰিলে উদ্যোগটোত ১০ হাজাৰৰ পৰা ৫০ হাজাৰ লোকে চাকৰি লাভ কৰিব।
- Read more about অৰ্থনৈতিক মণ্ডাৱস্থাৰ মাজতে ভাল খবৰ:চেন্নাইত মুকলি হ'ব ১০-৫০ হাজাৰ চাকৰি
- Log in to post comments
- 8 views