ভাৰতৰ নাম বিশ্ব প্ৰেক্ষাপটত এইবাৰ উজলালে আইপিএছ অফিচাৰ কৃষ্ণ প্ৰকাশে । তেওঁ সক্ষম হ’ল ৱৰ্ল্ড বুক অফ্ ৰেকৰ্ডচত নিজৰ নাম 'লৌহ মানৱ' হিচাপে অন্তৰ্ভূক্ত কৰিবলৈ ৷ উল্লেখযোগ্য যে এই সন্মান লাভ কৰিবলৈ সক্ষম হোৱা কৃষ্ণ প্ৰকাশ প্ৰথমগৰাকী ভাৰতীয় চৰকাৰী কৰ্মচাৰী।
আইপিএছ বিষয়া কৃষ্ণ প্ৰকাশে ২০১৭ চনত দেশৰ সকলোতকৈ কঠিন খেল আইৰনমেন ট্ৰাইথ্ল’ন সম্পূৰ্ণ কৰিছিল। এই খেলত তেওঁ এটা দিনতে একেলগে ৩.৮ কিলোমিটাৰ সাতোঁৰ, ১৮০.২ কি.মি দীঘলীয়া চাইকেল ৰেচ আৰু ৪২.২ কিলোমিটাৰ দৌৰ প্ৰতিযোগিতাত ভাগ লৈ সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছিল। এই সকলোখিনি এজন প্ৰতিযোগীয়ে ১৬/১৭ ঘন্টাৰ ভিতৰত সম্পূৰ্ণ কৰাটো বাধ্যতামূলক।
- Read more about আইপিএছ বিষয়া কৃষ্ণ প্ৰকাশে অৰ্জন কৰিলে 'লৌহ মানৱ'ৰ খিতাপ
- Log in to post comments
- 13 views