চিত্ৰকৃৎ বঁটাৰে সন্মানিত নগঞা চিত্ৰশিল্পী ৰাজীৱ দাস

চিত্ৰকৃৎ বঁটাৰে সন্মানিত নগঞা চিত্ৰশিল্পী ৰাজীৱ দাস

নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা

ত্ৰিপুৰাৰ এক আগশাৰীৰ সামাজিক আৰু সাংস্কৃতিক তথা আই এছ অ' স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠান সংগীত নৃত্য ছ'চাইটীৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে বাৰ্ষিক সমাৱৰ্তন ১ অক্টোবৰৰ পৰা ত্ৰিপুৰাৰ আগৰতলাৰ সুকান্ত একাডেমীত অনুষ্ঠিত হৈ যায় ।

উক্ত অনুষ্ঠানতে নগঞা চিত্ৰশিল্পী ৰাজীৱ দাসক চিত্ৰকৃৎ ব‌ঁটা প্ৰদান কৰা হয় । বঁটা প্ৰদান উপলক্ষে আয়োজন কৰা সভাত উপস্থিত থাকে বাংলাদেশৰ পৰা অহা সমাজসেৱী ডঃ উষ্মে আছমা খাতুন, ত্ৰিপুৰা চৰকাৰৰ মুখ্য সচেতন কল্যাণী ৰয়, দীপক মজুমদাৰ, সংগীত নৃত্য ছ'চাইটিৰ সম্পাদিকা শিবানী গোস্বামী, সভাপতি দীপক কুমাৰ সিনহা, সন্তোষ সাহা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল ৷

উল্লেখ্য যে চিত্ৰকৃৎ বঁটাপ্ৰাপক ৰাজীৱ দাস নগাঁও চহৰৰ অগ্ৰণী চিত্ৰ-ভাস্কৰ্য অনুষ্ঠান আনুপূৰ্বিক চিত্ৰ-ভাস্কৰ্য বিদ্যালয়ৰ অধ্যক্ষ হোৱাৰ লগতে দীৰ্ঘদিন ধৰি চিত্ৰকলাৰ লগত জড়িত হৈ আছে ।

ইয়াৰ পূৰ্বেও ৰাজীৱ দাসে নন্দশ্ৰী বঁটা, ডঃ বি আৰ আম্বেদকাৰ বঁটা, ভাৰত চৰকাৰৰ যুৱ বঁটা, ৰাষ্ট্ৰীয় শিখৰ বঁটা  আদিকে ধৰি ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ।

Your Comments