হেলিকপ্টাৰ আৰু চাৰ্টাড বিমান উৰুৱাবলৈ বিজেপিয়ে ধন ক'ৰ পৰা পাইছে-তৰুণ গগৈ

tarun

নিউজ ডেস্ক :
দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব লগা ৰাজ্যৰ বাকী ৯ টা সমষ্টিৰ বাবে ব্যাপক প্ৰচাৰ চলি থকা সময়তে আজি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে গুৱাহাটীত এক সংবাদমেল সম্বোধনেৰে  বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপি চৰকাৰৰ 'চকীদাৰ' প্ৰসংগ উত্থাপন কৰি কয় যে প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজকে চকীদাৰ বুলি চিনাকি হেলিকপ্টাৰ আৰু চাৰ্টাদ বিমান উৰুৱাবলৈ ধন ক'ৰ পৰা পাইছে।। কিন্তু সেই 'চকীদাৰ' দলৰ বিল্ডিংবোৰ আজি অস্বাভাবিক হাৰত বৃদ্ধি পাইছে। লগতে কয় 'চকীদাৰ'ৰ দিনতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী আজি বেছি দুৰ্নীতিপৰায়ণ হৈছে। ইফালে বিজেপি চৰকাৰক গগৈয়ে প্ৰত্যাহ্বান জনাই কয় যে বিজেপিয়ে ৰাজহুৱা কৰক নিৰ্বাচনৰ নামত ইমান হেলিকপ্টাৰ আৰু চাৰ্টাড বিমান উৰুৱাবলৈ ধন ক'ৰ পৰা পাইছে।

আনহাতে সংবাদমেলত তৰুণ গগৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সমালোচনা কৰি মন্তব্য কৰে যে ২০১৪ৰ তুলনাত মোডীৰ ওপৰত আস্থা বহু পৰিমানে হ্ৰাস পাইছে। জনসাধাৰণে উপলদ্ধি কৰিছে  ২০১৪চনত দিয়া মোডীৰ আশ্বাসসমূহ যে মিছা আছিল। লগতে উল্লেখ কৰে যে মোডীয়ে দেশত একনায়কত্ববাদী শাসন চলাইছে। দেশৰ লাখ লাখ মানুহে 'চকীদাৰ চৌৰ হে' বুলি এতিয়া ক'বলৈ আৰম্ভ কৰিছে।তাতে গম পাব পাৰি যে মোডীৰ প্ৰতি যে মানুহৰ বিশ্বাস নাইকিয়া হৈছে।

আনহাতে এইবাৰৰ নিৰ্বাচন সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই নিৰ্বাচন দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ ।কাৰণ এইবাৰৰ নিৰ্বাচন সাম্প্ৰদায়িক নীতিৰ বিৰুদ্ধে নিৰ্বাচন।ইয়াৰ উপৰিও  কয় যে মোডী প্ৰধানমন্ত্ৰী হৈ দেশৰ জনসাধাৰণৰ মাজত একতা খৰ্ব কৰিছে।

ইফালে 'কেব' বিৰোধিতা কৰা জাতীয় সংগঠনৰ কিছুসংখ্যক নেতাই নতুনকৈ বিজেপিত যোগদান কৰাৰ সন্দৰ্ভত কয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপিলৈ কিনি নিছে আন্দোলন কৰা নেতাসকলক।হিমন্ত বিশ্ব শৰ্মা নেতা কিনাত নায়ক বুলিও উল্লেখ কৰে। আনহাতে মুখ্যমন্ত্ৰীত কৈ বিজেপি দলত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰভাৱ বৃদ্ধি পোৱা প্ৰসঙ্গত তেওঁ কয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল এতিয়া অসমৰ মুখ্যমন্ত্ৰী হয় নে নহয়,সন্দেহ আছে ।


আনহাতে মোডী চৰকাৰে পাঁচ বছৰত আৰু ৰাজ্যৰ সোণোৱাল চৰকাৰে তিনি বছৰত কি কৰিলে সৎ সাহস আছে যদি হিচাপ দিয়ক বুলিও দাবী কৰে। লগতে প্ৰত্যাহ্বান জনাই কয়  যদি উন্নয়নৰ সন্দৰ্ভত বিজেপিয়ে তৰ্ক কৰিব বিচাৰে তেন্তে মুকলিকৈ তৰ্ক কৰিবলৈ আহক ।

Your Comments