গুৱাহাটী সমষ্টিৰ পৰা কোনজন ছাত্ৰ নিৰ্বাচনী প্ৰতিদ্বন্দিতাত নামিব?

ghy

নিউজ ডেস্ক :

প্ৰথম পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সমাপ্ত হোৱাৰ পিছত এইবাৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নির্বাচনৰ বাবে টঙালি বান্ধিছে ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকল। পিছ পৰি ৰোৱা নাই ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেচনেল(ভিভিআই)।দলটোৰ  গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী গুৱাহাটীৰ বিশ্ববিদ্যালয় গৱেষণাৰ ছাত্ৰ পাৰ্থপ্ৰতীম বৰুৱা।  'নিউজএএছএন'ৰ সৈতে হোৱা বাৰ্তালাপত পাৰ্থপ্ৰতীম বৰুৱাই কয় যে কংগ্ৰেছ-বিজেপিয়ে জনসাধাৰণৰ মাজত এতিয়াও সূতা-কম্বলৰ ৰাজনীতি কৰি আছে।

কিন্তু ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেছনেলে কংগ্ৰেছ-বিজেপিৰ সূতা- কম্বলৰ ৰাজনীতিৰ সদায় বিৰোধিতা কৰে।তাৰ সলনি  মন্ত্ৰী-বিধায়ক,সাংসদে যেনেকৈ মাহিলী ভাট্টা পায়; ঠিক একেদৰে প্ৰতিজন ভোটাৰক প্ৰতি মাহত ন্যূনতম জীৱন ধাৰণৰ বাবে ভাট্টা প্ৰদান  কৰাটোক সমৰ্থন কৰে।লগতে কয় যে তেওঁলোকৰ দলটোৰ পৰা যিসকল প্ৰাৰ্থী এইবাৰ নিৰ্বাচনত  সাংসদ হিচাপে নিৰ্বাচিত হ'ব,তেওঁলোকে সংসদৰ মজিয়াত ভোটাৰসকলক মাহিলী ভাট্টা দিয়াৰ বাবে এখন আইন প্ৰণয়ন কৰিবলৈ আহ্বান জনাব।

আনহাতে এজন ছাত্ৰ হিচাপে সংসদীয় ৰাজনীতিত ভুমুকি মৰা পাৰ্থপ্ৰতীম বৰুৱাই কয় যে দেশৰ ৭০ বছৰীয়া ৰাজনীতিৰ ক্ষেত্ৰখন এতিয়া মলিয়ন হৈ পৰিছে।সেই মলিয়ন অৱস্থাৰ অন্ত কৰাৰ বাবেই ভিভিআই  দলটোৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে।আনহাতে, বৰুৱাই লগতে জানিবলৈ দিয়ে যে তেওঁলোকে ৰাইজৰ ওচৰত ভোট বিচাৰি যাওঁতে প্ৰাৰ্থীৰ নাম উল্লেখ নকৰাকৈ কেৱল ৰাজনৈতিক দল আৰু প্ৰতীকৰ বিৱৰণ দিয়েই প্ৰচাৰ চলাই ।

আনহাতে গুৱাহাটী সংসদীয় সমষ্টিৰ প্ৰাৰ্থী বৰাৰ আগন্তক নিৰ্বাচনত মূল ইছ্যু হ'ব গুৱাহাটীৰ কৃত্ৰিম বান আৰু যান-যঁতৰ সমস্যাৰ এক বৈজ্ঞানিক ভিত্তিত সমাধানৰ ব্যৱস্থা কৰা।ইয়াৰ উপৰিও গগুৱাহাটীক এখন পযটন নগৰী হিচাপে গঢ়ি তুলিব বুলি তেওঁ আশ্বাস প্ৰদান কৰে।

ইয়াৰ উপৰিও এজন ছাত্র হিচাপে শিক্ষাৰ প্ৰসাৰ বৃদ্ধি কৰাৰ বাবে  উচ্চ শিক্ষানুষ্ঠান বৃদ্ধিৰ ক্ষেত্ৰতো তেওঁ কাম কৰিব বুলি জানিবলৈ দিছে। ইয়াৰ উপৰিও 'নিউজ এছএএনক' তেওঁ জানিবলৈ দিয়ে যে  নিবনুৱা সমস্যাৰ সমাধানৰ বাবেও তেওঁ কাম কৰিব বুলি।

আনহাতে তেওঁ কয় ভাৰতবর্ষৰ নিচিনা এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰত বৰ্তমান সময়ত ৰাজনৈতিক দলসমূহে ধৰ্মৰ ভিত্তিত ৰাজনীতি কৰিছে। কিন্তু ভিভিআই -এ তেনে ৰাজনীতিৰ বিৰোধিতা কৰে। ভিভিআইৰ স্পষ্ট কথা ভোটাৰৰ কোনো জাতি আৰু ধৰ্ম নাই।

Your Comments