কামপুৰ-পশ্চিম কাৰ্বি আংলং জিলা সংযোগী পথ নিৰ্মাণৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলে সাংসদ ৰাজেন  গোহাঁইয়ে

1

কামপুৰৰ পৰা ৰূপ জ্যোতি ভূঞা


দেশৰ চৌদিশে এতিয়া কেৱল নিৰ্বাচনৰ গৰম বতাহ । নেতাৰ মুখত প্ৰতিশ্ৰুতিৰ বন্যা । কিন্তু আমাৰ নেতাসকলে জনতাৰ সমস্যা সমাধান কৰিব পাৰিছেনে ? কামপুৰৰ পৰা পশ্চিম কাৰ্বি আংলং জিলা সংযোগী বকুলগুৰিৰ গড়কাপ্তানী পথটো বিগত কেইবাবছৰ ধৰি হোৱা কপিলী নদীৰ ভয়াৱহ খহনীয়াত ইতিমধ্যে  সম্পূৰ্ণৰূপে জাহ গৈছে।  


১০নং নগাঁও লোকসভা সমষ্টিৰ চাৰিটা কাৰ্যকালৰ সাংসদ ৰাজেন গোহাঁই আৰু ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসে পথছোৱা নিৰ্মাণ কৰি খহনীয়া সমস্যা ৰোধ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে যদিও আজিকোপতি ৰাইজৰ সমস্যাৰ সমাধান নহ'ল ।

 যাৰ বাবে আগন্তুক ১৮ এপ্ৰিলৰ ভোটগ্ৰহণৰ দিনা বিজেপিক এসেকা দিবলৈ সাজু হৈছে স্থানীয় সচেতন ৰাইজ ।

উল্লেখযোগ্য যে, কপিলীৰ ভয়াৱহ খহনীয়াৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাইজৰ উপাসনাৰ পৱিত্ৰ নামঘৰটিও স্থানান্তৰ কৰিব লগা হৈছিল । আনকি দিলীপ বৰা নামৰ এজন লোক খহনীয়াৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হৈ  কৰুণ মৃত্যুক সাৱটি ল'বলগীয়া হৈছিল ।

Your Comments