মানাহ ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ গণনা আৰম্ভ

1

ৰঞ্জিত তালুকদাৰ

মানাহ ৰাষ্ট্ৰীয় উদ্যানত ২ এপ্রিলৰ  পৰা আৰম্ভ হৈছে গঁড়ৰ গণনা ৷ ২ এপ্রিলৰ পুৱা উদ্যানখনৰ ভূঞাপাৰা ৰেঞ্জৰ পৰা আৰম্ভ কৰা হয় গড়ৰ গননা কার্য। 

ভূঞাপাৰা ৰেঞ্জৰ বনাঞ্চলত সেইদিনা  বনৰক্ষীসকলে নটা ব্লকত ভাগ হৈ হাতীৰে গঁড়ৰ  গণনা চলায়।ভূঞাপাৰাত গণনা সম্পন্ন হোৱাৰ পিছতে ক্রমে উদ্যানখনৰ আন দুটা ৰেঞ্জ বাঁহবাৰী আৰু পাণবাৰীতাে একেদৰে গঁড়ৰ গণনা কৰা হ'ব।

 মানাহৰ বন কর্তৃপক্ষক গঁড়ৰ  এই গণনা কাৰ্য্যত  সহযােগ কৰে 'ডব্লিউডব্লিউএফ' আৰু 'ডব্লিউটিআই'-এ। 

উল্লেখ্য যে বিগত বিভিন্ন সময়ত 'ইণ্ডিয়ান ৰাইনাে ভিজন-২০২০' আঁচনিৰ অধীনত ৰাজ্যৰ বিভিন্ন ৰাষ্ট্ৰীয় উদ্যান-অভয়াৰণ্যৰ পৰা মানাহলৈ ভালেকেইটা গড় আনি পুনৰ সংস্থাপন কৰা হৈছে। উদ্যানখনত গঁড়ৰ প্রজননাে হৈছে । ইয়াকে লৈ মানাহ ৰাষ্টীয় উদ্যানত বর্তমান গড়ৰ সংখ্যা হৈছে ৩৯টা।

গঁড় গণনাৰ সময়ছোৱাত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ নৱনিযুক্ত ক্ষেত্র সঞ্চালক কমল শর্মা,মানাহৰ বিশেষ কৰ্তব্যৰত বিষয়া ধৰণীধৰ বড়াে,বাঁহবাৰী ৰেঞ্জৰ ৰেঞ্জাৰ বাবুল ব্রহ্ম 'ডব্লিউডব্লিউএফ' সুশান্ত বৰঠাকুৰ, বিউটী নাৰ্জাৰী, ভূঞাপাৰা ৰেঞ্জৰ ভাৰপ্ৰাপ্ত বন বিষয়া কামেশ্বৰ ব্ৰহ্ম আদি উপস্থিত থাকি তদাৰক কৰে।

Your Comments

Related Articles