নাহৰকটীয়াত পিঞ্জৰাত সোমাল কোন ?

nam

নামৰূপৰ পৰা সমীৰণ বৰুৱা

নাহৰকটীয়াৰ লেঙেৰীজান চাহ বাগিচাত বহুদিন ধৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল কেইবাটাও নাহৰফুটুকী বাঘে। স্হানীয় লোকে এই সন্দৰ্ভত বন বিভাগক খবৰ দিছিল। অৱশেষত বনবিভাগৰ লোকে বাঘটো ধৰিবৰ বাবে এটা nপিঞ্জৰা পাতে।পিছত স্থানীয় ৰাইজে বাঘটো পিঞ্জৰাবদ্ধ হোৱাটো প্রত্যক্ষ কৰে।


এই বিষয়ে আৰক্ষী আৰু বন বিভাগক খবৰ দিয়ে গাঁওবাসীয়ে।খবৰ পাই নাহৰকটীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ শইকীয়া আৰু ডিএছপি কুল প্ৰদীপ ভটাচাৰ্য্য লগে লগে ঘটনাস্থলীত উপস্থিত হয় যদিও বনবিভাগৰ লোক প্ৰায় ৪৫ মিনিট পলমকৈ উপস্থিত হয়।


পিছলৈ আৰক্ষী,বনবিভাগ আৰু স্থানীয় ৰাইজৰ সহযোগত পিঞ্জৰাবদ্ধ বাঘটো বনবিভাগে  জংঘলত মেলি দিবলৈ লৈ যায়।বাঘটো এবাৰ ওচৰৰ পৰা চাবলৈ ভালেসংখ্যক লোক সমৱেত হোৱা পৰিলক্ষিত হয়।

 

Your Comments