বিশ্ব মহাবীৰ চিলাৰায়ৰ কথাৰে

chilarai_bir_assam

(বীৰজনাৰ জন্মদিনত শ্ৰদ্ধাঞ্জলি)
নমিতা ৰয়
কোচৰজা নৰনাৰায়ণৰ ভাতৃ এজন সুদক্ষ সেনানায়ক আছিল । তেওঁ চিলাৰ দৰে চোঁ মাৰি ৰণ কৰিছিল বাবে তেওঁক চিলাৰায় আখ্যা দিয়া হয়। চিলাৰায়ে দেৱান বা মন্ত্ৰীৰ কামো কৰিছিল, সেয়ে তেওঁক চিলাৰায় দেৱান বুলিছিল। তেওঁৰ বীৰত্ব আৰু পাৰদৰ্শিতাৰ কোচ ৰাজ্যৰ প্ৰসাৰ আৰু প্ৰভাৱ বৃদ্ধিত যথেষ্ট অৰিহণা আছে।

বিশ্বসিংহৰ মৃত্যুৰ সময়ত তেওঁৰ বৰপু্ত্ৰ মল্লদেৱ আৰু শুক্লধ্বজ কাশীত অধ্যয়ন কৰি আছিল। তেওঁলোক ৰাজ্যৰ বাহিৰত থকাৰ সুযোগ লৈ নৰসিংহ নামে আন এজন পুত্ৰ ৰজা হৈ ৰাজপাটত বহে । এই খবৰ পাই দুয়ো ভায়েক কাশীৰপৰা আহি যুদ্ধত নৰসিংহক হৰুৱাই ১৫৩৪ খ্ৰীষ্টাব্দত মল্লদেৱে নৰনাৰায়ণ নাম লৈ ৰাজপাটত উঠে৷ ভাতৃ শুক্লধ্বজ যুৱৰাজ হয়। ৰাজ-অভিষেক হোৱাৰ  সময়ত শুক্লধ্বজক সংগ্ৰাম সিংহ নাম দিয়া হয়। ইয়াৰ পিছতে চিলাৰায়ৰ জীৱনৰ আন এক অধ্যায় আৰম্ভ হয়।

ৰাজপাটত উঠিয়ে নৰনাৰায়ণে পিতৃ-ৰাজ্যৰ সীমা বৃদ্ধি কৰিবলৈ প্ৰয়াসৰত হয়৷ শুক্লধ্বজৰ সহায়ত কোচ ৰাজ্যৰ বিস্তাৰৰ কাম আৰম্ভ কৰে। ১৫৪৬ খ্ৰীষ্টাব্দত সেনাপতি চিলাৰায়ৰ অধীনত এদল কোচক সৈন্য আহোম ৰজাৰ বিৰুদ্ধে যুঁজলৈ পঠিয়ায় । ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰেদি আগবাঢ়ি কোচ সেনাই দিকৰাই নদী পায় আৰু তাতেই আহোম ৰজা চুক্লেন্মুঙক পৰাস্ত কৰে। তাৰ পিছত কলিয়াবৰ আৰু শলাৰ যুদ্ধতো আহোম সেনাক সম্পূৰ্ণৰূপে পৰাভূত কৰে। এই যুদ্ধ চলি থকাৰ সময়তে কোচৰজাই আন এজন ভায়েক গোহাঁইকমলৰ হতুৱাই ৰাজধানী কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈকে ৩৫০ মাইল দীঘল আলিবাট বন্ধায়। এই আলিৰ চিন ঠায়ে ঠায়ে এতিয়াও আছে। ইয়াক গোহাঁইকমল আলি বুলি কোৱা হয়।

ইয়াৰ পিছতে চিলাৰায়ে কছাৰী ৰাজ্য আক্ৰমণ কৰে। কছাৰী ৰজায়ো পৰাস্ত হৈ বশ্যতা স্বীকাৰ কৰি লয়। আকৌ ১৫৬৩ খ্ৰীষ্টাব্দত চিলাৰায়ে আহোম ৰাজ্য আক্ৰমণ কৰি ৰাজধানী গড়গাঁও নিজৰ দখললৈ আনে । আহোম ৰজা চুখামখা চৰাই-খোৰোঙলৈ পলাই যায়। কেইমাহমান পিছত আহোম ৰজাই সন্ধি কৰে আৰু সন্ধিমতে কোচৰজাৰ বশ্যতা স্বীকাৰ কৰি লয়। লগতে ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰৰ আহোম ৰাজ্যৰ এলেকা কোচ ৰজাক এৰি দিয়ে৷ বহুতো সোণ, ৰূপ, হাতীৰ সৈতে অন্যান্য বস্তু ক্ষতিপূৰণ হিচাপে দিয়ে৷ লগতে কেইবাজনো ডাঙৰীয়াৰ ল'ৰা ওল হিচাপে কোচৰজাৰ ওচৰলৈ পঠিয়াব লগীয়া হয়।

ইয়াৰ পিছতে চিলাৰায়ে মণিপুৰৰ ৰজাৰ ওচৰলৈ কটকী পঠোৱাত ৰজাই ভয়তে বশ্যতা স্বীকাৰ কৰে আৰু কৰতলীয়া ৰজা হয়৷ পৰৱৰ্তী পৰ্যায়ত চিলাৰায়ে জয়ন্তীয়া ৰাজ্য আক্ৰমণ কৰি জয়ন্তীয়া ৰজাক বধ কৰে আৰু ৰজাৰ পুত্ৰক সিংহাসনত বহুৱায়৷ এনেদৰে চিলাৰায়ে ত্ৰিপুৰাৰ ৰজাকো যুদ্ধত হৰুৱাই বধ কৰে৷ বছৰি কৰ দিবলৈ মান্তি হোৱাত পুত্ৰক ত্ৰিপুৰাৰ ৰজা পাতি দিয়া বুলি জনা যায়। তাৰ পিছত চিলেটৰ ৰজাৰো যুদ্ধত চিলাৰায়ৰ হাতত মৃত্যু হয়৷

চিলেট-ৰাজৰ ভাতৃক কৰতলীয়া ৰজা পাতে। অন্যান্য ৰজাসকলেও চিলাৰায়ৰ প্ৰতাপ প্ৰত্যক্ষ কৰি তেওঁৰ অধীনলৈ আহিছিল৷ এইখিনিলৈকে চিলাৰায়ে কোনো যুদ্ধত হৰা নাছিল। ইয়াৰ পিছত তেওঁ ১৫৬৮ খ্ৰীষ্টাব্দত শক্তিশালী গৌড় ৰাজ্য আক্ৰমণ কৰে। এই যুদ্ধত চিলাৰায় সম্পূৰ্ণৰূপে পৰাস্ত হয় আৰু গৌড় ৰজা চলেমান কোৰবানীৰ হাতত বন্দী হয়। ইয়াৰ পিছত গৌড় ৰজাৰ সেনাপতি কালাপাহাৰ তেজপুৰলৈ আগবাঢ়ি আহে৷

তেওঁ কামাখ্যা, হাজো আদি ঠাইৰ মন্দিৰবোৰ ভাঙি উভতি যায়। কোৱা হয় যে কালাপাহাৰ আদিতে হেনো ব্ৰাহ্মণ আছিল। পিছলৈ হিন্দু ধৰ্মৰ কিছুমান কাম-কাজত অতিষ্ঠ হৈ ইছলাম ধৰ্ম গ্ৰহণ কৰে। তেতিয়াৰে পৰা হিন্দুৰ মঠ-মন্দিৰবোৰ ধ্বংস কৰাটোকে তেওঁ জীৱনৰ ব্ৰত কৰি লয়।

 গৌড় ৰজাৰ হাতত চিলাৰায় বন্দী হৈ থকাৰ সময়তে এদিন ৰজাৰ মাতৃক সাপে দংশন কৰিলে। চিলাৰায়ে তেওঁক আৰোগ্য কৰাত গৌড়ৰজাই সন্তুষ্ট হৈ তেওঁক মুক্তি দিয়ে। কিছুবছৰ পিছত ১৫৭৬ খ্ৰীষ্টাব্দত মোগল সম্ৰাট আকবৰে গৌড়ৰাজ্য আক্ৰমণ কৰাত কোচৰজা নৰনাৰায়ণে তেওঁক সহায় কৰে৷ চিলাৰায়ে এদল সৈন্য লৈ পূবফালৰ পৰা গৌড় ৰাজ্য আক্ৰমণ কৰে। তেতিয়াৰ পৰাই আকবৰৰ লগত নৰনাৰায়ণৰ মিত্ৰতা হয়। ইয়াৰ পিছত চিলাৰায়ে মোগলৰ লগলাগি ১৫৮৩ খ্ৰীষ্টাব্দত গংগাৰ পাৰত মাচুম কাবুলৰ লগত যুদ্ধ কৰে।

সেই সময়তে তেওঁ বসন্ত ৰোগত আক্ৰান্ত হয় আৰু গংগাৰ তীৰতে চ'ত মাহৰ দৌল পূৰ্ণিমাৰ দিনা বীৰজনে ইহলীলা সম্বৰণ কৰে। সমৰ-কুশলী চিলাৰায়ে সেনাসকলৰ সুৰক্ষাৰ লগতে সকলো কাম-কাজত তীক্ষ্ণ দৃষ্টি ৰাখিছিল আৰু ৰাজ্যৰ শাসন ব্যৱস্থা সুদৃঢ় কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল৷ আলি, পুখুৰী, দেৱালয় আদি খন্দোৱাৰ লগতে ৰাজ্যৰ বিভিন্ন লোকক বৃত্তি, দান আদি দিছিল৷ জ্যেষ্ঠ ভাতৃ নৰনাৰায়ণৰ লগলাগি কামাখ্যা মন্দিৰ, হয়গ্ৰীৱ মন্দিৰ, সূৰ্যমন্দিৰ, ভৈৰৱী মন্দিৰ আদি নিৰ্মাণ কৰিছিল।
 বীৰ চিলাৰায় আৰু মহাৰাজ নৰনাৰায়ণ দুয়ো বিদ্বান আৰু বিদ্যানুৰাগী আছিল।

তেওঁলোকে পণ্ডিতক  বিশেষভাৱে আদৰ-যত্ন কৰিছিল। কোনো দূৰ-দেশৰ পৰা পণ্ডিত আহিলে, চিলাৰায়ৰ সহায়তেই ৰজাৰ পৰা বৃত্তি-বিধান লাভ কৰি জ্ঞান-চৰ্চ্চা কৰিছিল। চিলাৰায়ৰ চেষ্টাৰ বাবেই শ্ৰীমন্ত শংকৰদেৱে কামৰূপৰ পশ্চিম খণ্ডত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। শংকৰদেৱ-মাধৱদেৱৰ উপৰিও পুৰুষোত্তম বিদ্যাবাগীশ, ৰাম সৰস্বতী, অনিৰুদ্ধ, শ্ৰীধৰ, বকুল কায়স্থ, অনন্ত কন্দলী আদি পণ্ডিতসকলে নৰনাৰায়ণৰ সভা উজ্বলাই তুলিছিল।

ইয়াত চিলাৰায়ৰ কৃতিত্ব বিশেষস্বৰূপ আছিল। প্ৰাচীন কমতাপুৰ ৰাজ্যৰ কোচবংশৰ বিদগ্ধ পণ্ডিত আৰু বিশ্ববিখ্যাত যোদ্ধা মহাবীৰ চিলাৰায় অসমৰ লগতে ভাৰতবৰ্ষ তথা বিশ্ববাসীৰ গৌৰৱ৷ বিশ্ব মহাবীৰ সদায় ইতিহাসৰ পাতত জিলিকি থাকিব । (বুৰঞ্জীৰ আলম লৈ)

Your Comments