দেশী-বিদেশী পৰ্যটকক আদৰিবলৈ সাজু নগাঁও চাপানালাৰ চম্পাৱতী জলপ্ৰপাতৰূপী "জলকন্যা"

s

প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ  চাপানালাত বৰ্তমান এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। নগাঁও চহৰৰ পৰা প্ৰায় ৩০ কিলো মিটাৰ নিলগত অৱস্থিত উত্তৰ-পূৱ ভাৰতৰ বৃহৎ চম্পাৱতী জলপ্ৰপাত আৰু ইয়াৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিবলৈ বৰ্তমান দেশী-বিদেশী পৰ্যটকে ভিৰ কৰিব। পৰ্যটনৰ বিবিধ সম্ভাৰেৰে ভৰপুৰ চাপানালাৰ চম্পাৱতী কুণ্ডত ১১ আৰু ১২ ফ্ৰেবুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে অনু্ষ্ঠিত হ'ব মহাকুণ্ডমেলা।

কিংবদন্তি অনুসৰি, ৰজা হংসধ্বজৰ পত্নী ৰাণী প্ৰভাৱতীৰ চকুৰ পানীৰে সৃষ্টি হোৱা চাপানালাৰ চম্পাৱতী জলপ্ৰপাতত মাঘী সপ্তমী তিথিত স্নান কৰিলে ৰোগ-ব্যাধি দূৰ হোৱাৰ লগতে পূণ্য অৰ্জন হয় বুলি থকা জনবিশ্বাসৰ বাবেই চাপানালাৰ চম্পাৱতী জলপ্ৰপাতত মাঘী ষষ্ঠ আৰু সপ্তমী তিথিত (সৰস্বতী পূজাৰ পিছদিনা) জনসমুদ্ৰত পৰিণত হয়৷

ভক্তসকলে কুণ্ডত স্নান কৰাৰ লগতে বহুতে চাকি, ধূপ জ্বলাই মনোকামনাৰ বাবে সেৱা জনায়৷ ইতিমধ্যে,  মহাকুণ্ডমেলা উদযাপন সমিতিয়েসকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে । কিন্তু অতি দুখৰ বিষয় যে অসমৰ অন্যতম পৰ্যটনস্থলী ৰূপে পৰিচিত চাপানালাৰ চম্পাৱতী জলপ্ৰপাতক আকৰ্ষণীয় পৰ্যটনস্থলী ৰূপে গঢ়ি তুলিবলৈ বৰ্তমান পৰ্যন্ত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ।

আনহাতে চাপানালাৰ প্ৰাকৃতিক মনোৰম পৰিৱেশ উপভোগ কৰিবলৈ অহা ভক্তপ্ৰাণ ৰাইজ, বনভোজ দল আৰু দেশী-বিদেশী পৰ্যটকে চাপানালালৈ যোৱা মূল পথটোৰ দূৰাৱস্থাৰ বাবে বছৰ-বছৰ ভক্তবান ৰাইজে দুৰ্ভোগ ভুগি আহিছে৷ যদিও চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাক লৈ স্থানীয় ৰাইজে অসন্তুষ্টি প্ৰকাশ কৰিছে৷

Your Comments

Related Articles