কৃষকৰ সমস্যা, কেন্দ্ৰীয় চৰকাৰৰ বেপৰোৱা মনোভাব আৰু সন্মিলিত কৃষক সন্থাৰ প্ৰতিবাদ

কৃষকৰ সমস্যা, কেন্দ্ৰীয় চৰকাৰৰ বেপৰোৱা মনোভাব আৰু সন্মিলিত কৃষক সন্থাৰ প্ৰতিবাদ

ঋষি লহকৰ

২৯ নৱেম্বৰত দিল্লীৰ ৰামলীলা ময়দানত উপস্থিত হ'ল দেশৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ কৃষক ৷ ৩০ নৱেম্বৰত ৰামলীলা ময়দানৰ পৰা 'কৃষক মুক্তি সমদল' উলিয়ায় সংসদ ভৱনলৈ ৷

২০০ৰো অধিক কৃষি ক্ষেত্ৰৰ লগত জড়িত সংগঠনৰ ঐক্য মঞ্চ অখিল ভাৰতীয় কিষাণ সংঘৰ্ষ সমন্বয় সমিতিৰ উদ্যোগত কৃষকৰ সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ বাবে উলিওৱা হয় কৃষক মুক্তি সমদল ৷

এই আন্দোলনত দেশৰ বিভিন্ন ৰাজ্যৰ সহস্ৰাধিক কৃষক বৃহস্পতিবাৰেই দিল্লীৰ ৰামলীলা ময়দানত সমবেত হৈ ধৰ্ণা কাৰ্যসূচী পালন কৰে গোটেই নিশাজুৰি ৷

সংসদৰ আগন্তুক শীতকালীন অধিবেশনত কৃষকৰ সমস্যাসমূহ গুৰুত্বসহকাৰে আলোচনা কৰি সমাধানৰ ব্যৱস্থা গ্ৰহণৰ দাবীত এই আন্দোলনৰ কাৰ্যসূচী ৷

ৰামলীলা ময়দানৰ পৰা প্ৰায় ২৫ কিঃমিঃ পথ সমদল কৰি আজি কৃষকসকল আগবাঢ়ে সংসদ ভৱন অভিমুখে ৷ প্ৰধানতঃ কৃষকৰ উৎপাদনৰ ন্যূনতম সামৰ্থ্য মূল্য প্ৰদান আৰু কৃষকসকলক ঋণমুক্ত কৰাই হ'ল প্ৰতিবাদী কৃষকসকলৰ প্ৰধান দাবী ৷

কৃষক মুক্তি সমদলৰ ১০টা বিশেষ উল্লেখযোগ্য দিশ তলত উল্লেখ কৰা হ'ল-

১) সমদলকাৰী কৃষকসকলক দিল্লীৰ যন্তৰ-মন্তৰত বাধা আৰোপ কৰা হয়, যিডোখৰ ঠাই হ'ল ৰাজধানীত বিক্ষোভ প্ৰদৰ্শনৰ জনপ্ৰিয় ঠাই ৷

২) অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, গুজৰাট, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, তামিলনাডু, পশ্চিমবংগ আৰু উত্তৰ প্ৰদেশৰ পৰা অহা বহু কৃষকে বৃহস্পতিবাৰে দিল্লীৰ ৰামলীলা ময়দানতে নিশাটো কটায় আৰু ওৰে নিশা ধৰ্ণা কাৰ্যসূচী পালন কৰে ৷

৩) তেলেংগানাৰ পৰা অহা এটা মহিলাৰ প্ৰতিনিধি দলে তেওঁলোকৰ আত্মহত্যা কৰা স্বামীসকলৰ ছবি ডিঙিত আঁৰি লৈ আন্দোলনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷

৪) যোগেন্দ্ৰ যাদৱে নেতৃত্ব লোৱা স্বৰাজ ইণ্ডিয়াই বিজৱাছানৰ পৰা ২৫ কিঃমিঃ পদযাত্ৰা কৰি বৃহস্পতিবাৰে ৰামলীলা ময়দানলৈ আহে ৷ এই পদযাত্ৰাত অংশগ্ৰহণ কৰে ওড়িশা, হাৰিয়ানা আৰু ৰাজস্থানৰ কৃষকসকলে অংশগ্ৰহণ কৰে ৷

এই পদযাত্ৰা সফল কৰিবলৈ বিভিন্ন সাংবাদিক, চিকিৎসক, ছাত্ৰ-ছাত্ৰী, শিল্পীসকলে সহযোগ কৰে বুলি স্বৰাজ ইণ্ডিয়াৰ নেতৃত্ব লোৱা যোগেন্দ্ৰ যাদৱে জানিবলৈ দিয়ে ৷

৫) অখিল ভাৰতীয় কিষাণ সংঘৰ্ষ সমন্বয় সমিতি, যিটো কৃষকৰ গোটসমূহৰ এক ছাতি সমিতি তেওঁলোকে সংসদৰ এক বিশেষ অধিবেশনৰ দাবী জনাই শস্যৰ উন্নত মূল্য আৰু কম সুতৰ ঋণ প্ৰদানৰ বাবে এক বিধেয়ক গৃহীত কৰিবৈল আহ্বান জনায় ৷ এই ক্ষেত্ৰত বিধেয়কখনৰ সপক্ষে ২১টা ৰাজনৈতিক দলে তেওঁলোকৰ সমৰ্থন আগবঢ়োৱা বুলি প্ৰকাশ ৷

আনহাতে, এই প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰিবলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীলৈও তেওঁলোকে পত্ৰ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে আজিৰ এই সমদলটো হ'ল শেহতীয়া ডেৰ বছৰত এই সংগঠনটোৱে প্ৰায় ২০০ গ্ৰুপৰ প্ৰতিনিধিত্বত কৰা চতুৰ্থটো বৃহৎ প্ৰতিবাদী সমদল ৷

৬) 'কিষাণ নাইট'ত কৃষকসকলক উদ্বুদ্ধ কৰিবৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ তাৰ ভিতৰত ''অব হক কে বিনা ভী ক্যা জীনা, য়ে জীনে কে সামান নেহী" শীৰ্ষক গীতটো পৰিবেশন কৰা হয় ৷

৭) জ্যেষ্ঠ সাংবাদিক পি সাইনাথে যোৱা নিশাটো প্ৰতিবাদী কৃষকসকলৰ সৈতে কটাই এই সমস্যাটোক এক বৃহৎ কৃষিভিত্তিক সমস্যা হিচাপে অভিহিত কৰে ৷

'আপোনালোকে দেশৰত যি সাক্ষী বহন কৰিছে সেয়া এক অনাবৃষ্টিতকৈও ডাঙৰ ৷ শেহতীয়া দুই বছৰত কৃষকৰ আত্মহত্যাৰ তথ্য প্ৰকাশ কৰা হোৱা নাই ৷ ২০১৫তে এই তথ্য বন্ধ কৰা হৈছে ৷' এন ডি টি ভিৰ আগত তেওঁ এনেদৰে কয় ৷

৮) সামাজিক কৰ্মী মেধা পাটকাৰে কয়, বহুতো ৰাজনৈতিক নেতা যেনে দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱাল, ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ দলৰ প্ৰমুখ শাৰদ পাৱাৰে এই সমদলত অংশগ্ৰহণ কৰাৰ আশা আছে ৷

আনহাতে, কৃষকসকলক উদ্দেশ্যি নেচনেল কনফাৰেন্সৰ নেতা ফাৰুক আব্দুল্লা, আৰু তৃণমূল কংগ্ৰেছৰ দীনেশ ত্ৰিবেদী, লোকতান্ত্ৰিক জনতা দলৰ প্ৰমুখ শাৰদ যাদৱে বক্তব্য আগবঢ়োৱাৰ কথা উল্লেখ কৰে ৷

৯) আজি পুৱাৰভাগত প্ৰায় ৮,০০০ কৃষকে ৰামলীলা ময়দানৰ পৰা সমদল উলিওৱাৰ ফলত চেণ্ট্ৰেল দিল্লীৰ বিভিন্ন অংশত তীব্ৰ যান-জঁটৰ সৃষ্টি হয় ৷ দিল্লী আৰক্ষীয়ে এই সম্পৰ্কত লোকসকলক ট্ৰেফিক আপডেট দি যোৱাৰ লগতে প্ৰতিবাদীসকলৰ পথৰ অৱস্থান সম্পৰ্কে আপডেট ল'ব লৈআহ্বান জনায় ৷

১০) নিশকতীয়া ফাৰ্ম মূল্য আৰু কৃষিজাত সমস্যাই শেহতীয়াভাৱে শাসনাধিস্থিত বিজেপি চৰকাৰক পাঁচ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন আৰু আগন্তুক সাধাৰণ নিৰ্বাচনত বেয়াকৈ ক্ষতিগ্ৰস্ত কৰাৰ সম্ভাৱনা আছে ৷
 

Your Comments