মৰিগাঁৱত মহিলা ''বাবা''ক লৈ ৰহস্য 

মৰিগাঁৱত মহিলা ''বাবা''ক লৈ ৰহস্য 

মৰিগাঁৱৰ পৰা জিতুমনি নাথ

ডিজিটেল ইণ্ডিয়াৰ প্ৰভাৱে যে এতিয়াও সাধাৰণ মানুহক স্পৰ্শ কৰিব নাই সেই কথা প্ৰমাণ কৰিছে মৰিগাঁৱৰ এক ঘটনাই । বিজ্ঞান-প্ৰযুক্তি আগবাঢ়িলেও মানুহৰ মানসিক বিকাশ নঘটাৰ ঘটনাটো সংঘটিত হৈছে মৰিগাওঁ জিলা জালুগুটিৰ মাছখোৱাত । বৰ্ণালী ডেকা নামৰ মহিলাগৰাকীৰ গাত শিৱ লম্ভা বুলি এক প্ৰচাৰ চলাই অঞ্চলটোৰ ৰাইজে দিনে-নিশাই মহিলাগৰাকীৰ ঘৰত আৰম্ভ কৰিছে নাম-কীৰ্তন ।

মৰিগাঁৱত মহিলা ''বাবা''ক লৈ ৰহস্য 

ইয়াৰ মাজতে তেওঁৰ কাষলৈ সমিধান বিচাৰি অহা লোকসকলক দিয়ে বিভিন্ন সমাধান । নাম-কীৰ্তনৰ তালে তালে নাচি-বাগি তেওঁৰ ওচৰলৈ অহা ৰোগৰ নিৰাময় বিচৰা লোকসকলক মাটিত বগৰাই বিভিন্ন ভংগীৰে জৰা-ফুকা কৰি এক আতংকময় পৰিবেশ সৃষ্টি কৰে । এই দৃশ্য প্ৰত্যক্ষ কৰি শিশুকে ধৰি একাংশ লোক কম্পমান হ'বলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে ।

কিছু বেমাৰ পাপৰ ফলত হোৱা বুলি অদ্ভূত যুক্তিৰে সমিধান বিচাৰি যোৱা ব্যক্তিজনক কৰি তুলে ব্যতিব্যস্ত । এনেকৈয়ে এক শংকাৰ মাজেৰে দিন অতিবাহিত কৰিবলগাত পৰিছে অঞ্চলবাসীয়ে । ডিজিটেল ইণ্ডিয়াৰ অগ্ৰগতিৰ কথা কৈ অহা চৰকাৰখনে এই কু-সংস্কাৰ আৰু অন্ধবিশ্বাসসমূহ কিদৰে প্ৰতিহত কৰে সেয়াহে হ'ব লক্ষণীয় ।

Your Comments