সামাজিক মাধ্যমত গঢ়ি উঠা জনমতৰ পিছতে কটন বিশ্ববিদ্যালয়ৰ সন্মুখৰ বট গছ কটা সিদ্ধান্ত বাতিল

A

নিউজ ডেস্ক:
সামাজিক মাধ্যমত গঢ়ি উঠা জনমতৰ পিছতে সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য হ'ল কামৰূপ মহানগৰ প্ৰশাসনে।কটন বিশ্ববিদ্যালয়ৰ সন্মুখত থকা শ বছৰ পুৰণি বট গছজোপা কটা নহয়।এই কথা সদৰী কৰিছে কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই।জি এম ডি এয়ে বিশ্ববিদ্যালয়ৰ সন্মুখত থকা বট গছজোপা কাটিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে সামাজিক মাধ্যমত সৰৱ চৰ্চা হৈছিল।নেহেৰু পাৰ্কৰ গেট নিৰ্মাণৰ বাবে শ  বছৰৰ পুৰণি প্ৰকাণ্ড বট গছজোপা কটাৰ বাবে আজি দিনটো নিৰ্ধাৰণ কৰিছিল।এই খবৰ বিয়পি পৰাৰ পিছতে গছ কটা বিষয়টো সহজভাৱে লোৱা নাছিল কটনিয়ানে  ।ছ’চিয়েল মিডিয়াতো বিষয়টোক লৈ সৰৱ হৈ পৰিছিল কটনিয়ান।একাংশ কটনিয়ানে সমগ্ৰ বিষয়ত হস্তক্ষেপ দাবী কৰি ছচিয়েল মিডিয়াত প্ৰকাশ কৰিছিল এইদৰে -“এই গছডাল কটনৰ সন্মুখৰ পৰিচয়।কটনৰ আশে পাশে যি শীতলতা আছে, যি শান্তি আছে কেৱল এই গছডালৰ বাবেই আছে।কটনিয়ানৰ আড্ডাৰ স্থলী এই গছডাল।গুৱাহাটীৰ আন অঞ্চলৰ তুলনাত কটনৰ সন্মুখত গৰম কম, সেইবাবে হয়তো বন্ধৰ দিনতো ভিন্ন জন আহি ইয়াত ভিৰ কৰে।যিহেতু মুখ্যমন্ত্ৰী প্ৰাক্তন কটনিয়ান সেয়েহে এই  কাণ্ডজ্ঞানহীন নীতিৰ ৰোধ কৰিবলৈ মুখ্যমন্ত্ৰীক প্ৰত্যক্ষ হস্তক্ষেপ কৰাৰ আহ্বান জনাইছো।”

Your Comments