ধৰ্মৰ নামত ভোট লোৱাসকলে জেহাদীক সমৰ্থন কৰে- জয়ন্ত মল্ল বৰুৱা

A

নিউজ ডেস্ক:

অসম প্ৰদেশ কংগ্ৰেছৰ গৌৰৱ যাত্ৰাক শুভেচ্ছা মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ।ছোনিয়া গান্ধী, ৰাহুল গান্ধী তথা গৌৰৱ গগৈক লৈ গৌৰৱ যাত্ৰা কৰিলে লাভ নহ’ব- বিজেপি নেতা গৰাকীয়ে কয়।
কংগ্ৰেছৰ বিধায়কসকল দল এৰিবলৈ উদ্বিগ্ন হৈ আছে। আজিৰ দিনত কংগ্ৰেছৰ বহু কেইজন বিধায়ক বিজেপি বা AIUDF লৈ আহিব চেষ্টা কৰিছে- বৰুৱাই কয়। 

ইফালে চৰকাৰে জেহাদীৰ বিৰুদ্ধে কঠোৰ হলে ৰাইজে ভাল পায় বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয়- জেহাদীৰ কথা কলে বেয়া পোৱা সকলৰ কিবা স্বাৰ্থ আছে।আমি ধৰ্মক বিশ্বাস কৰো।তেওঁলোকে ধৰ্মৰ নামত ভোট লয়। মানুহক ধৰ্মান্ধ কৰি ৰাখিব বিচাৰে।কোৰানৰ ভাল কথা শিকাওক কিন্তু ধৰ্মৰ নামত অন্ধবিশ্বাস শিকাব নালাগে- কংগ্ৰেছ আৰু AIUDFক উদ্দেশ্য কৰি বৰুৱাই কয়।

Your Comments