গুৱাহাটীৰ কামাখ্যাত তিনি বাহনৰ ভয়ংকৰ দুৰ্ঘটনা; ১জন নিহত ৩জন আহত

A

নিউজ ডেস্ক:
গুৱাহাটী মহানগৰীৰ কামাখ্যা গেটত মঙলবাৰে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।তিনিখন বাহনৰ সংঘৰ্ষৰ ফলত সংঘটিত ভয়ংকৰ দূর্ঘটনাটোত থিতাতে এজন নিহত হয় আৰু দুগৰাকী গুৰুতৰভাবে আহত হয়।
উল্লেখ্য যে এ এছ ০৬ এছ ০১০১নম্বৰৰ ফৰ্ড Endeavour বাহনে প্ৰচণ্ড জোৰত মহতীয়াই লৈ যায় এখন ৰয়েল এনফিল্ড আৰু এখন অ'ল্ট বাহন।দুৰ্ঘটনাটোত থিতাতে নিহত হয় গুৱাহাটী নুনমাটি প্ৰশান্ত চাকচেনা।আৰু আহত হয় অল'ট (alto) বাহনখনৰ তিনি আৰোহী ক্ৰমে জ্যোতিৰ্ময় কুমাৰ দাস, মুনমু তালুকদাৰ, দীপাংকৰ দাস।চিকিৎসালয়ত ভৰ্তি কৰা হৈছে তিনিওজন আহতক।
গুৰুত্বপূৰ্ণ কথা এই যে  দূর্ঘটনাগ্ৰস্ত মটৰ চাইকেলখনৰ নম্বৰ এ এছ ০১ই.ইউ ৫২০১।ইফালে দূর্ঘটনা সংঘটিত কৰা ফৰ্ড বাহনৰ গৰাকীক একাংশ লোকে প্ৰহাৰ কৰিবলৈ লয় ঘটনাস্থলীত।কিন্তু কৰ্তব্যৰত যান-বাহন আৰক্ষীয়ে বাধা দিয়াত একাংশ উদণ্ডই আৰক্ষীক প্ৰহাৰ কৰে।ফলত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে লাঠী চার্জ কৰিবলৈ বাধ্য হয় আৰক্ষী।

Your Comments