মালিগাঁৱত বস্তাত হাত ভৰি বান্ধি পেলাই থোৱা মৃতদেহ উদ্ধাৰ

A

নিউজ ডেস্ক:

গুৱাহাটী মহানগৰীৰ মালিগাঁৱত মৃতদেহ উদ্ধাৰ।বস্তাৰ ভিতৰত উদ্ধাৰ এজন পুৰুষ মৃতদেহ।মালিগাঁও মিঠা আমতলৰ এটা নলাৰ পৰা উদ্ধাৰ মৃতদেহটো।হাত ভৰি বন্ধা অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটো কোনো লোকে হত্যা কৰি পেলাই যোৱাৰ সন্দেহ।
গোশালা আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো।ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হয় চাঞ্চল্য।মৃতদেহ উদ্ধাৰ হোৱা লোকজনৰ পৰিচয় বৰ্তমানো জানিব পৰা হোৱা নাই।নিশা বস্তাত ভৰাই পেলাই থৈ যোৱাৰ সন্দেহ আৰক্ষীৰ।ইফালে মৃতদেহটো উদ্ধাৰৰ পাছতেই আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

Your Comments