পুৱাই গুৱাহাটীত ভয়ংকৰ পথ দুর্ঘটনা, নিহত পত্নী-স্বামী

A

নিউজ ডেস্ক:

গুৱাহাটী মহানগৰীৰ ফটাশিলত দেওবাৰে পুৱা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘনাত।দুর্ঘটনাত থিতাতে নিহত পত্নী-স্বামী।পথত ৰক্তাক্ত অৱস্থাত পৰি থকা নিহত দম্পতীদ্বয়ক উদ্ধাৰ কৰে ভৰলুমুখ যান-বাহন আৰক্ষীয়ে। প্ৰাপ্ত খবৰ অনুসৰি নিহত পত্নী- স্বামী পেছাত পাচলি ব্যৱসায়ী।পুৱাই এলএমএল ভেছপা (LML  vespea) স্কুটাৰে ধীৰেণপাৰাৰ পৰা মাছখোৱালৈ পাচলি ক্ৰয়ৰ বাবে আহোঁতে ফটাশিলত পতিত হয় দুৰ্ঘটনাত।আৰক্ষীয়ে সন্দেহ কৰা মতে বালি কঢ়িওৱা বাহনে  খুন্দা মাৰি পলায়ন কৰিছে।মৃত দম্পতীদ্বয় বিজয় সৰকাৰ (৫৭) আৰু পুতুলী সৰকাৰ(৫২)। 

ইফালে আৰক্ষীয়ে জনোৱা মতে পুৱা প্ৰায় ৪.৩০বজাত দম্পতিদ্বয় ঘৰৰ পৰা পাচলি ক্ৰয় কৰি  অহা সময়ত ফটাশিলত অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত হয়।ঘটনাৰ খবৰ পোৱা পিছতে দুর্ঘটনাস্থলীত  আৰক্ষী উপস্থিত হৈ তেওঁলোকক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে দম্পতীদ্বয়ক।ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰা বুলিও জানিব দিছে।

Your Comments