স্বাধীনতা দিৱসৰ শুভক্ষণত ৰাষ্ট্ৰীয় পতাকাৰ সলনি নাৰায়ণপুৰত উত্তোলন কৰে বিজেপিৰ দলীয় পতাকা

BJP flag

আজিৰ দিনটোত এফালে সমগ্ৰ দেশবাসীয়ে প্ৰাণৰ আপোন স্বাধীনতা দিৱস উদযাপন কৰিছে ক’ভিড প্ৰ’টকল মানি চলি, আনফালে বিজেপিৰ একাংশ কৰ্মী ব্যস্ত হৈছে দেশতকৈ পাৰ্টি সৰ্বোচ্চ প্ৰমাণত ৷  সংঘটিত হল এক অঘটন।

ঘটনাটো সংঘটিত হয় নাৰায়ণপুৰৰৰ ধলপুৰত ৷ ধলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত উত্তোলন কৰিাে জাতীয় পতাকাৰ সলনি বিজেপিৰ দলীয় পতাকা। এই ঘটনাই বৰ্তমান ব্যাপক সমালোচনাৰ মুখামুখি হোৱাৰ লগতে সকলোৱে একেমুখে গৰিহনা দিছে এই কাৰ্যক। 

উল্লেখ্য যে, বিজেপিৰ যুৱ মৰ্চাৰ নাৰায়ণপুৰ গ্ৰাম্য ব্লক মণ্ডলে আয়োজন কৰিছিল এই কাৰ্যসূচী। লাভলীনাৰ জয়ৰ সময়ত তেওঁক শুভেচ্ছা জনাই লগোৱা হৰ্ডিঙত মুখ্যমন্ত্ৰীকে ধৰি বিজেপিৰ কৰ্মকৰ্তাৰ ফটো ব্যৱহাৰ, ভেক্‌চিনৰ চাৰ্টিফিকেটত গ্ৰহণ কৰোতাৰ ঠাইত মোদীৰ ফটোৰ পিছত এইবাৰ স্বাধীনতা দিৱসত ৰাষ্ট্ৰীয় পতাকাৰ স্থানত ৱিজেপিৰ দলীয় পতাকাৰ ব্যৱহাৰে একচ্ছত্ৰী সাম্ৰাজ্যবাদ চলোৱাৰেই ইংগিত দিছে নেকি একাংশ সচেতন নাগৰিকৰ প্ৰশ্ন ৷

Your Comments