স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বঁটা প্ৰদান অনুষ্ঠান

Independence day awards

আজি দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস ৷ এই দিৱসৰ লগত সংগতি ৰাখি এই দিনটোত প্ৰদান কৰা হয় বহুত সাহসী জোৱানক পুৰস্কাৰ আৰু সন্মান ৷ এইবাৰো ইয়াৰ ব্যতিক্ৰম নহয় ৷ মুঠ ১৩৮০ গৰাকী সেনা আৰু আৰক্ষী জোৱান আৰু বিষয়াক প্ৰদান কৰা হ’ব পুৰষ্কাৰ। 

উল্লেখ্য যে, চীন সীমান্তৰ গালোৱান উপত্যকাত চীনা সেনাৰ সৈতে হোৱা সংঘাতত প্ৰাণ ত্যাগ কৰা দেশৰ মুঠ ২০ জন জোৱানলৈ তেওঁলোকৰ ত্যাগৰ বাবে মৰণোত্তৰ ভাৱে আগবঢ়োৱা হ’ব সাহসিকতাৰ পুৰষ্কাৰ।

ইয়াৰোপৰি দেশৰ ৬৩০ গৰাকী আৰক্ষী তথা সামৰিক বাহিনীৰ জোৱানক আজিয়েই প্ৰদান কৰা হ’ব সাহসিকতাৰ বঁটা। ইয়াৰ ভিতৰত নক্সাল বিৰোধী যুঁজত সাহসেৰে অংশগ্ৰহণ কৰা ১৫২ গৰাকী চি আৰ পি এফ জোৱানো আছে ৷

আনহাতে, অশান্ত জন্মু-কাশ্মীৰৰ ২৫৭ গৰাকী আৰক্ষীকো প্ৰদান কৰা হ’ব সাহসিকতাৰ বঁটা।

Your Comments

Related Articles