অসম-মিজোৰাম সীমা বিবাদ সন্দৰ্ভত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে উত্তৰ-পূবৰ বিজেপি নেতৃত্বই

Modi

অসম-মিজোৰামৰ সীমা বিবাদ বিষয়ত আলোচনাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰামেশ্বৰ তেলীৰ নেতৃত্বত বিজেপিৰ বহুকেইগৰাকী সাংসদে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে। উক্ত বৈঠকত অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু ত্ৰিপুৰাৰ মুঠ ১৬ গৰাকী সাংসদে অংশগ্ৰহণ কৰে ।

উক্ত বৈঠকখনত কংগ্ৰেছ দলক দোষাৰোপ কৰি ৰাষ্ট্ৰীয় দলটোৰ প্ৰতিনিধিসকলে প্ৰধানমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰেৰণ কৰি উল্লেখ কৰে যে ২০১৮ চনত কা আৰু এন আৰ চিক ৰাজনীতিকৰণ কৰি উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলক বিপথে পৰিচালিত কৰিব বিচাৰিছিল কংগ্ৰেছ দলে ৷

গৃহমন্ত্ৰী অমিত শ্বাহে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে শান্তিপূৰ্ণ আলোচনাৰ মাধ্যমেৰে হিংসাত্মক পৰিস্থিতিৰ অন্ত পেলাব বুলি আশ্বাস দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে ।

উল্লেখ যোগ্য যে বৈঠকৰ পিছত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে সংবাদমেল সম্বোধনৰ কৰি দুয়ো ৰাজ্যৰ বেয়া পৰিৱেশৰ বাবে পুনৰ কংগ্ৰেছ দলকে দোষাৰোপ কৰে ৷ ইয়াৰোপৰি উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে সকলোকে একত্ৰিত হৈ কাম কৰিবলৈ কয় ৰিজিজুৱে।

Your Comments