প্ৰাক্তন সাংবাদিক দিপাংক নাৰায়ণ ঠাকুৰীয়াৰ মৃত্যু:তীৰ্থনগৰী হাজোত শোক

Pic

#বিশেষ প্ৰতিবেদক,হাজো:

প্ৰাক্তন সাংবাদিক,আছু নেতা,বিশিষ্ট সাংস্কৃতিক তথা নাট্য কৰ্মী ,অসম চৰকাৰৰ সমবায় বিভাগৰ জ্যেষ্ঠ গানণিক দিপাংক নাৰায়ণ ঠাকুৰীয়াৰ ২৭ জুনৰ নিশা প্ৰায় ন বজাত চিকিৎসাধীন অৱস্থাত জি এম চি এইচত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৫৩ বছৰ। জানিব পৰা মতে হাজোৰ পটনি নিবাসী প্ৰয়াত ঠাকুৰীয়াই দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। ১৯৬৭ চনত হাজোত জন্ম গ্ৰহণ কৰা প্ৰয়াত ঠাকুৰীয়াই শৈক্ষিক জীৱন সমাপ্ত কৰি প্ৰথম অৱস্থাত ৰামদিয়া বিনন্দি চন্দ্ৰ মেধি মহাবিদ্যালয়ত ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক হিচাপে নিযুক্ত হৈছিল যদিও কিছুদিন অধ্যাপনা কৰাৰ পাছত সমবায় বিভাগত নিযুক্তি লাভ কৰে।ইফালে চাকৰি কৰি থকাৰ সমান্তৰালভাৱে প্ৰয়াত ঠাকুৰীয়াই ১৯৯৫ চনৰ পৰা প্ৰায় পোন্ধৰ বছৰ ধৰি "অসমীয়া প্ৰতিদিন" কাকতৰ হাজোৰ সাংবাদিক হিচাপে সততা আৰু নিষ্ঠাৰে সেৱা আগবঢ়াই ৰাইজৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিছিল। তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে ২৮ জুনৰ পুৱা বহু গুণমুগ্ধ লোক আহি তেওঁৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা নিবেদন কৰে। হাজো সাংবাদিক সন্থাৰ সভাপতি সম্পাদকসহ বিষয়ববীয়া তথা সদস্যসকল, অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সহকাৰী সম্পাদক তথা অসম বাৰ্তাজীৱি সংঘৰ প্ৰাক্তন সভাপতি ফণীধৰ দাস,সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাস,কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি নৃপেন্দ্ৰ কুমাৰ ভাগৱতী,মণিকূট সাহিত্য সমাজৰ সভাপতি প্ৰকাশ দাস,আছু নেতা নৱজ্যোতি দাসে তেওঁৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ থকা প্ৰয়াত ঠাকুৰীয়াই হাজো সাংবাদিক সন্থাৰ প্ৰতিস্থাপক উপ সভাপতি,অসম সাহিত্য সভাৰ আজীৱন সদস্য,হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি ,হাজো সুৰেণ দাস কলেজৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক, কামৰূপ জিলা সাহিত্য সভাৰ ২০২০-২২ বৰ্ষৰ কাৰ্যকালৰ মনোনীত সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ লগতে হাজো মণিকূট সাহিত্য সমাজৰ বৰ্তমানেও সম্পাদক পদত অধিষ্ঠিত হৈ আছিল।তদুপৰি তেওঁ হাজোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতো ওতঃপ্ৰোত ভাৱে জড়িত হৈ আছিল। অসম চৰকাৰৰ সমবায় বিভাগৰ জেষ্ঠ গাণণিক হিচাবে কৰ্মৰত হৈ থকা প্ৰয়াত দীপাংক নাৰায়ণ ঠাকুৰীয়াৰ মৃত্যুত প্ৰাক্তন মন্ত্ৰী নুৰুল হুছেইন,শিশু সাহিত্যিক হাছেম পিয়াৰ, হাজো সাংবাদিক সন্থা,কামৰূপ জিলা সাংবাদিক সন্থা, হাজো ৰাইজ সমিতি, হাজো আঞ্চলিক ছাত্ৰ সন্থা,কামৰূপ জিলা সাহিত্য সভা, লুইত পৰীয়া আঞ্চলিক শাখা সাহিত্য সভা,হাজো মনিকূট সাহিত্য সমাজ, বহ্নিমান কাৰাটে একাডেমী,পটনি ৰঙালী বিহু উদযাপন সমিতি আৰ্য ভট্ট বিজ্ঞান কেন্দ্ৰ হাজো শাখা,জ্ঞান বিজ্ঞান সমিতি, হাজো শাখা, অসম নাট্য সন্মিলন হাজো শাখাৰ লগতে অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান,ব্যক্তি দল সংগঠনে শোক প্ৰকাশ কৰি বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।মৃত্যুৰ সময়ত জ্যেষ্ঠ ভাতৃ,পত্নী সহ এক মাত্ৰ পুত্ৰ সন্তানক ইহ সংসাৰত এৰি থৈ যায়।আজি দিনৰ এঘাৰ বজাত স্থানীয় শ্মশানত অগণন গুণমুগ্ধৰ উপস্থিত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।

Your Comments