কলিয়াবৰত অস্তিত্বৰ সংকটত আহোম যুগৰ ঐতিহাসিক ৰাঙলু গড়

Pic

*প্ৰত্নতত্ব বিভাগৰ চৰম অৱহেলাক লৈ কলিয়াবৰ আছুৰ তীব্ৰ প্ৰতিক্ৰিয়া*

#কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ:

ঐতিহ্যমণ্ডিত কলিয়াবৰৰ বহু ঐতিহাসিক সমল এতিয়া বিলুপ্তিৰ পথত। এই ক্ষেত্ৰত চৰকাৰ আৰু প্ৰত্নতাত্বিক বিভাগটোৰ অনীহাৰ কাৰণে এতিয়া নি:চিহ্ন হোৱাৰ পথত কলিয়াবৰৰ পূব প্ৰান্তত কাজিৰঙাৰ গাতে লাগি থকা ৰাঙলু গড়।উল্লেখ্য যে আহোমৰ ৰণথলীৰূপে প্ৰতিৰক্ষাৰ দিশৰে নিৰ্মাণ কৰা কলিয়াবৰত আহোমযুগীয়া বহুকেইটা গড় এতিয়া বেদখলকাৰীৰ কৱলত।

স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত নিৰ্মিত ঐতিহাসিক ৰাঙলু গড় বৰ্তমান অস্তিত্বৰ সংকটত।৩৭ নং ৰাষ্ট্ৰীয় পথৰ প্ৰায় গাতে লাগি থকা জখলাবন্ধাৰ সমীপৰ এই গড়টো বিগত সময়ছোৱাত স্থানীয় লোকেও ক্ষতি সাধন কৰিছে।গড়টোৰ দুয়োকাষে বিস্তৃত খেতিপথাৰৰ পানী বোৱাই নিয়াৰ বাবে গড়টোৰ এটা অংশ কাটি পেলোৱাৰ পাছতো ৰাজ‍্যৰ প্ৰত্নতত্ব বিভাগ চকুত নপৰিল। তদুপৰি ভাৰতীয় তেল নিগমৰ ১৯৬২ চনত নাহৰকটীয়াৰ পৰা নুনমাটি তেল শোধনাগাৰলৈ খাৰুৱা তেল পৰিবাহী পাইপলাইন এই গড়টোৰ মাজেৰে পাৰ কৰি নিয়াৰ পাছতো এক বহৎ অংশ ইতিপূৰ্বেই কাটি পেলাইছিল। পৰৱৰ্তী সময়ত ১৯৬৪ চনত বাৰাউনীলৈ বৰ্দ্ধিত কৰা এই পাইপলাইন কিছুদিনৰ পূৰ্বে মেৰামতি কৰাৰ গইনা লৈ গড়টোৰ পূৰ্বতকৈ পুনৰ বহলকৈ কাটি পেলাইছে।

এইবাৰো পূৰ্বৰ দৰে গড়টো তেনেকৈয়ে মেৰামতি নকৰাকৈয়ে ভাৰতীয় তেল নিগমে দায়িত্ব সামৰে। উল্লেখযোগ‍্য যে।এই পাইপলাইনৰ সমীপতে আছে ভাৰতীয় তেল নিগমৰ পাম্পিং ষ্টেছন।

গড়টোৰ অস্তিত্বৰ প্ৰতি কঢ়িয়াই অনা ভাবুকিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা।কলিয়াবৰ ছাত্ৰ সন্থাই এই বিষয় লৈ অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষ তথা তেল নিগম কৰ্তৃপক্ষক অনতি পলমে গড়টোৰ কাটি পেলোৱা স্থান সোনকালে মেৰামতি কৰিবলৈ দাবী জনাইছে। আনহতে,ঐতিহাসিক গড়টোৰ সমীপতে থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানলৈ অহা পৰ্য‍্যটকৰ বাবে এই গড়টো অন‍্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হোৱাৰ থল আছে বুলি স্থানীয় সচতন মহলে মন্তব‍্য কৰিছে। উল্লেখযোগ‍্য যে আহোম শাসন কালত সামৰিক সুৰক্ষাৰ দিশেৰে অতিকৈ গুৰুত্বপূৰ্ণ কলিয়াবৰৰ আন বহুকেইটা গড় এতিয়া অস্তিত্বৰ সংকটত। কলিয়াবৰ

Your Comments