ঘগ্ৰাপাৰৰ প্ৰয়াত যুৱ সাংস্কৃতিক কৰ্মী,নৃত্যশিল্পী মোবাৰক হুছেইনৰ গৃহত নলবাৰী আছু

Pic

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,২৬ জুনঃ

যোৱা সোমবাৰে গুৱাহাটীত আকস্মিকভাৱে দুর্ঘটনাত পতিত হৈ মৃত্যু বৰণ কৰা ঘগ্ৰাপাৰ অঞ্চলৰ উদীয়মান যুৱ সাংস্কৃতিক কৰ্মী,নৃত্যশিল্পী মোবাৰক হুছেইন (বাবু)ৰ শোকসন্তপ্ত পৰিয়ালৰ ওচৰত আজি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰিয়াজুদ্দিন আহমেদ,সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক হীৰকজ্যোতি শৰ্মা, সাংগঠনিক সম্পাদক ৰঞ্জিত শৰ্মা আৰু ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল উপস্থিত হয়।

ভ্ৰাম্যমাণ নাট্যদলৰ লগত দীৰ্ঘদিন ধৰি নৃত্যশিল্পী হিচাপে কাম কৰি পৰৱৰ্তী সময়ত ঘগ্ৰাপাৰত ব'হাগী ডেন্স একাডেমীৰ জন্ম দি অঞ্চলটোৰ বিভিন্ন শিক্ষাৰ্থীক নৃত্যকলাৰ শিক্ষা দি অহা শিল্পীগৰাকীয়ে পৰৱৰ্তী লকডাউনৰ সময়ত গুৱাহাটীত কাম কৰি থকা অৱস্থাতে টেক্টৰ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱাত ছাত্ৰ সন্থাই গভীৰ শোক প্ৰকাশ কৰে।ছাত্ৰ সন্থাই শিল্পীগৰাকীৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ বাবে চৰকাৰক আহ্বান জনায়।

Your Comments