নলবাৰীৰ খেতিপথাৰত পানী যোগান আঁচনি ৰূপায়ণৰ দাবী যুৱ-ছাত্র পৰিষদৰ:উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান

Pic

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

দেশৰ স্বাধীনতাৰ ৭৪ বছৰ পিছতো নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তৰৰ খেতিয়কে আজিকোপতিও বতৰৰ ওপৰত নিৰ্ভৰ কৰিয়েই কৃষিকাৰ্য সমাপন কৰিব লগীয়া হোৱাত ৰাজ্য চৰকাৰৰ অধীনষ্ঠ জলসিঞ্চন বিভাগৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰি ২৫ জুনত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, নলবাৰী জিলা সমিতিয়ে নলবাৰী জিলাৰ উপায়ুক্তৰ জৰিয়তে জলসিঞ্চন বিভাগৰ মন্ত্ৰী আশোক সিংঘাললৈ এক স্মাৰকপত্ৰ প্ৰদান কৰি নলবাৰী জিলাৰ সকলো প্ৰান্তৰকে সামৰি জলসিঞ্চন বিভাগৰ আঁঁচনি যুগত কৰি কৃষক ৰাইজক অধিক উৎপাদনক্ষম কৰি তোলাৰ বাবে দাবী জনায়।

সংগঠনটোৰ নলবাৰী জিলা সমিতিৰ সভাপতি পাৰ্থপ্ৰতীম শৰ্মা আৰু সাঃসম্পাদক কৌশিক বৰ্মন স্বাক্ষৰিত স্মাৰকপত্ৰত উল্লেখ কৰে যে ৰাজ্যৰ অৰ্থনীতিত প্ৰভূত বৰঙণি আগবঢ়োৱা কৃষিখণ্ডৰ সংস্কাৰৰ বাবে বিভিন্ন সময়ত ৰাজ্য চৰকাৰে বিভিন্ন অভিলাষী আঁঁচনি তৈয়াৰ কৰে যদিও কৃষক ৰাইজে ইয়াৰ কোনো সুফল লাভ নকৰাত কৃষকৰ সমস্যা সমাধানৰ কোনো পথেই প্ৰশস্ত নহ'ল।যাৰ ফলত কৃষক সমাজৰ দৈন্যতা দিনক দিনে বৃদ্ধি পোৱাহে পৰিলক্ষিত হৈছে। দিছপুৰত নৱ-গঠিত ৰাজ্য চৰকাৰে দায়িত্ব ভাৰ লোৱাৰ পিছৰেই পৰা বিভিন্ন বিভাগৰ বিভাগীয় মন্ত্ৰীয়ে নিজৰ কাৰ্যদক্ষতাৰে বিভাগ পৰিচালনাৰ সম্যক আভাষ দিয়াক লৈ ৰাইজৰ মনত আশাৰ সঞ্চাৰ কৰিছে যদিও ৰাজ্যৰ বিয়াগোম জলসিঞ্চন বিভাগৰ দায়িত্বত থকা মন্ত্ৰী অশোক সিংঘালৰ বিভাগীয় দায়িত্বত অমনোযোগিতা প্ৰকাশে কৃষক ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ আশা নিৰ্বাপিত হোৱা পৰিলক্ষিত হোৱা বুলি ক্ষোভ প্ৰকাশ কৰে যুৱ-ছাত্র পৰিষদৰ নলবাৰী জিলা সমিতিয়ে। সংগঠনটোৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক ব্ৰজেন চৌধুৰী,নলবাৰী জিলা সমিতিৰ সাংস্কৃতিক সম্পাদক ধীৰাজ কলিতা,সাংগঠনিক সম্পাদক তাজিমুদ্দিন আহমেদ,প্ৰচাৰ সম্পাদক দেৱব্ৰত ডেকা,নলবাৰী চহৰ সমিতিৰ সাঃসম্পাদক হেমেন কলিতা, বিত্ত সম্পাদক চাহিল মলিকসহ সংগঠনটোৰ এটা সঁজাতি দলে নলবাৰী জিলাৰ উপায়ুক্তক সাক্ষাৎ কৰি নলবাৰীৰ বিভিন্ন প্ৰান্তৰ কৃষকৰ মৰ্মবেদনাসমূহ অনুধাৱন কৰিবলৈ চৰকাৰক আহ্বান জনোৱাৰ উপৰি উপায়ুক্তৰ জৰিয়তে জলসিঞ্চন মন্ত্ৰীলৈ স্মাৰকপত্ৰৰ জৰিয়তে অতি শীঘ্ৰে নলবাৰী জিলাৰ উৰ্বৰা কৃষিভূমিক সামৰি ফলপ্ৰসূ আঁঁচনি যুগুতোৱাৰ দাবী জনায়। ইয়াৰ পিছতেই এক প্ৰতিলিপি জলসিঞ্চন বিভাগৰ নলবাৰী জিলাৰ কাৰ্যবাহী অভিযন্তাক প্ৰদান কৰি জলসিঞ্চন বিভাগক কাৰ্যক্ষম আঁঁচনি যুগুতোৱাৰ আহ্বান জনায়।

পূৰ্বৰ সময়চোৱাত বিভাগৰ একাংশ বিষয়-ববীয়া তথা ঠিকাদাৰে মিলি বিভাগটোক ধনসিঞ্চন বিভাগলৈহে কাৰ্যত পৰ্যবসিত কৰা বুলিহে সংগঠনটোৱে অসন্তষ্টি ব্যক্ত কৰে। আগন্তুক দিনত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্যচৰকাৰ খনে নলবাৰী জিলাৰ কৃষিখণ্ডৰ উত্তৰণৰ স্বাৰ্থত কাৰ্যক্ষম তথা কৃষক ৰাইজৰ বাবে আশাপ্ৰদ আঁঁচনি যুগুতোৱাৰ বাবে যুৱ-ছাত্র পৰিষদৰ নলবাৰী জিলা সমিতিয়ে আহ্বান জনায়।

Your Comments

Related Articles