জাতীয় সেনাৰ মহিলা গোটে বকোত বিলালে ছেনিটাইজাৰ আৰু মাস্ক

Pic

#বকোৰ পৰা বিষ্ণু ৰাম দাস: 

জাতীয় মহিলা সেনাৰ দক্ষিণ কামৰূপ জিলা সমিতিয়ে বকোত ২২ জুনত ছেনিটাইজাৰ আৰু মাস্ক  বিতৰণ কৰে। দক্ষিণ কামৰূপ জিলা জাতীয় মহিলা সেনাৰ সভানেত্ৰী অদিতি কলিতা আৰু সম্পাদিকা চম্পা বড়োই জনোৱা মতে বৃহত্তৰ অঞ্চলটোৰ ঠেলা,ৰিক্সা আৰু ই-ৰিক্সা চালকসকলৰ মাজত ক'ৰ'নাৰ সজাগতা বৃদ্ধি কৰিবলৈ প্ৰয়াস কৰিছে।সংগঠনটোৰ কেইবাগৰাকীও নেতা-কৰ্মীয়ে সহযোগ আগবঢ়োৱা কাৰ্য্যসূচীত বকো বজাৰৰ মাজমজিয়াত প্ৰায় শতাধিক পৰিয়ালক ছেনিটাইজাৰ বটল আৰু মাস্ক বিতৰণ কৰে।মহিলা সংগঠনটোৰ এই প্ৰচেষ্টাৰ বকোৰ সমাজ সচেতন ৰাইজে শলাগ লৈছে।

 

Your Comments