পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ বিক্ষোভ

Pic

পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ বিক্ষোভ। গুৱাহাটীৰ জজ ফিল্ডৰ সমীপত সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী।মূল্যবৃদ্ধি ৰোধ কৰিবলৈ নোৱাৰা বিজেপি চৰকাৰক সমালোচনাৰে সাব্যস্ত কৰে বিক্ষোভ কাৰ্যসূচী। পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি ৰোধত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত থকা চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হোৱাৰ অভিযোগ তুলি সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি আনোৱাৰ হুছেইনে কয়-"প্ৰতিশ্ৰুতি আছিল কি আৰু হ'লগৈ কি!পূৰ্বৰ ৰেকৰ্ডসমূহ ভংগ কৰি পেট্ৰ'লে আজি শতকৰ ঘৰ অতিক্ৰম কৰাৰ দিশত।জাতি-মাটি-ভেটি ৰক্ষাৰ কথাৰে গাদীত বহা বিজেপি চৰকাৰে লাজ পাব লাগিছিল'।

"পেট্ৰ'ল-ডিজেলৰ ওপৰত ৰাজ্য চৰকাৰে লগাই ৰখা অতিৰিক্ত কৰ কৰ্তন কৰি জনতাক সকাহ দিয়াৰ বিপৰীতে চৰকাৰে অতিৰিক্তভাৱে কৰ আৰোপ কৰি সাধাৰণ জনতাক জুৰুলা কৰিছে";সভাপতি হুছেইনে কয়। পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি যদি শীঘ্ৰে হ্ৰাস নকৰে,তেন্তে অনাগত দিনত ইয়াতকৈ অধিক জংগী আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে বিক্ষোভত অংশগ্ৰহণ কৰা আছুকর্মীসকলে।

বিক্ষোভ কাৰ্যসূচীত গুৱাহাটীৰ বিভিন্ন শিক্ষানুষ্ঠানৰ প্ৰায় দুই শতাধিক আছুকর্মীয়ে অংশগ্ৰহণ কৰে। সৰ্বানন্দ সোণোৱাল মৰি গ'ল, হিমন্ত বিশ্ব শৰ্মা মূর্দাবাদ, বিজেপি হায় হায়, জনতাক শোষণ কৰা বিজেপি হুচিয়াৰ, মূল্যবৃদ্ধি ৰোধ কৰক আদি বিভিন্ন শ্লোগান প্ৰদান কৰে আছুকর্মীসকলে।

Your Comments