আজি চকাবন্ধ প্ৰত্যাহাৰ

Pic

মটৰ পৰিবহন কৰ্মী সন্থাই আজি আহ্বান জনোৱা চকা বন্ধ সাময়িকভাৱে প্ৰত্যাহাৰ কৰিছে।শ্ৰম বিভাগৰ আশ্বাসৰ ভিত্তিতে চকা বন্ধ উঠাই লোৱাৰ কথা ঘোষণা কৰিছে মটৰ পৰিবহণ কর্মী সন্থাই।

ইফালে,চকা বন্ধ প্ৰত্যাহাৰ কৰি আজিয়ে বিয়লি ভাগত ৰাজ্য চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষৰ সৈতে তেওঁলোক আলোচনাত মিলিত হ'ব।উক্ত আলোচনাত তেওঁলোকৰ দাবীসমূহ উল্লেখ কৰিব বিভাগক।আলোচনাত সফল হ'লে অহা ১২-১৩ ফেব্ৰুৱাৰীৰ  দিনা আহ্বান জনোৱা ৪৮ ঘন্টাৰ চকা বন্ধ কাৰ্যসূচী বাতিল কৰিব বুলি জানিবলৈ দিয়ে সন্থাই।

Your Comments