'কা' জাপি অসমীয়াক নিঃশেষ কৰিবলৈ বিচৰা প্রধানমন্ত্ৰী মোডীৰ অসমলৈ অহাৰ নৈতিক অধিকাৰ নাই-যুৱ ছাত্ৰ পৰিষদ

Pic

*মোডীৰ অসম ভ্ৰমণৰ বিৰোধিতা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ*

দেশৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ প্ৰাকক্ষণত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে বুধবাৰে ৰূপায়ণ কৰে জোঁৰ সমদল কাৰ্যসূচী।'কা' বাতিল,আন্ত:ৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবীত ৰাজ্যজুৰি বুধবাৰে ৰূপায়ণ কৰে জোঁৰ সমদল কাৰ্যসূচী।ৰাজ্যৰ প্ৰতিখন জিলা সদৰত পৰিষদৰ জিলা সমিতিসমূহে জোঁৰ সমদল কৰি বিজেপি বিৰোধী প্ৰতিবাদত ৰাজপথ উত্তাল কৰি তোলে।

কাৰ্যসূচীৰ অন্তত সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা প্ৰেছ বিজ্ঞপ্তিত সংগঠনটোৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱা আৰু সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে কয়- "জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কা' বাতিলৰ দাবীত অটল স্থিতিত থাকি ইয়াৰ বিৰুদ্ধে সংগ্রাম চলাই যাব।" ইফালে,ৰাজপথৰ আন্দোলনৰ সমান্তৰালকৈ 'কা' বাতিল আৰু আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন কৰাৰ দাবীত ন্যায়ালয়তো যুঁঁজ চলাই থকা বুলি উল্লেখ কৰে সংগঠনটোৰ নেতৃত্বই। "অহা ২৩ জানুৱাৰীত অসমলৈ আহিব লগা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভ্ৰমণৰ বিৰোধিতা কৰিছে সংগঠনটোৱে।

জাতিধ্বংসী কা' অসমীয়াৰ ওপৰত জাপি তেওঁ অসমীয়া জাতিক নিঃশেষ কৰিবলৈ বিচাৰিছে,গতিকে তেওঁৰ অসমলৈ অহাৰ নৈতিক অধিকাৰ নাই।মোডীৰ অসম ভ্ৰমণৰ সময়চোৱাত ৰূপায়ণ কৰা হ'ব তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী"-সংগঠনটোৰ নেতৃত্বই লগতে কয়।

Your Comments