ৰাজ্যৰ আগন্তক বিধানসভা নির্বাচন সন্দৰ্ভত মুখ্য নির্বাচনী আয়ুক্তই আজি কি ক'লে?

Pic

ব'হাগ বিহুৰ পূৰ্বে ৰাজ্যত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন!তিনিদিন ধৰি দেশৰ মুখ্য নির্বাচনী আয়ুক্তই ৰাজ্যৰ ৰাজনীতিৰ পৰিৱেশ বিভিন্ন স্তৰত পৰ্যালোচনা কৰাৰ অন্তত সংবাদ মেলৰ জৰিয়তে তাৰে যেন ইংগিত দিলে দেশৰ মুখ্য নির্বাচনী আয়ুক্ত সুনীল আৰোৰাই।

গুৱাহাটীৰ ৰেডিচন ব্লু হোটেলত সংবাদমেল সম্বোধন কৰি তেওঁ কয়-"বহাগ বিহুৰ আগতেই নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰায় সকলো ৰাজনৈতিক দলে আয়োগক আহ্বান জনাইছে।" এটা ৰাজনৈতিক দলে ইভিএমৰ সলনি বেলট পেপাৰত নির্বাচন অনুষ্ঠিত কৰাৰ আহ্বান কৰা বুলি উল্লেখ কৰি মুখ্য নির্বাচনী আয়ুক্তগৰাকীয়ে কয়-"ইভিএমৰ জৰিয়তে অনুষ্ঠিত হ'ব নিৰ্বাচন।নির্বাচনী ব্যয় পৰ্যবেক্ষণৰ বাবে নিয়োগ কৰা হ'ব পৰ্যবেক্ষক।" কভিড প্ৰট'কল অনুসৰি ভোট কেন্দ্ৰ বৃদ্ধি কৰাৰো আহ্বান কৰা বুলি উল্লেখ কৰি তেওঁ লগতে কয়- "এহেজাৰো অধিক ভোটাৰ থকা ভোট কেন্দ্ৰৰ কাষত স্থাপন হ'ব নতুন ভোটকেন্দ্ৰ।স্বচ্ছ-নিকা পদ্ধতিৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে গ্ৰহণ কৰা হ'ব প্ৰয়োজনীয় পদক্ষেপ।" "বৰ্তমান চৰকাৰৰ কাৰ্যকাল অন্ত পৰিব অহা ৩১মে'ত।বিহু,পৰীক্ষা আদি থকাৰ বাবে অধিক গুৰুত্ব দিব লগীয়া হৈছে নিৰ্বাচনটোত।নিৰ্বাচনৰ প্ৰস্তুতি পূৰ্ণ পৰ্যায়ত চলি আছে।'টীম অসম' নিৰ্বাচনৰ বাবে সাজু হৈছে"-আৰোৰাই কয়।

উল্লেখ যে ১৮ জানুৱাৰীত প্ৰকাশ পাইছে চূড়ান্ত ভোটাৰ তালিকা। ভোটকেন্দ্ৰত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰা হব।লগতে অনলাইন পদ্ধতিৰে সংগ্ৰহ কৰিব পাৰিব মনোনয়ন পত্ৰ।এই কথা উল্লেখ কৰি আৰোৰাই লগতে কয়-"প্ৰাৰ্থীসহ পাঁচজনেহে ঘৰে ঘৰে যাব পাৰিব নিৰ্বাচনী প্ৰচাৰত।ৰোড শ্ব' ক্ষেত্ৰত নাথাকিব কোনো বাধা।" "প্ৰাৰ্থীৰ নিৰ্বাচনী ব্যয় জিলা পৰ্যায়ত নিৰীক্ষণ কৰিব উপায়ুক্তসকলে। বৰ্তমান ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি সুস্থিৰ।নিৰ্বাচনৰ সময়ত ছ'ছিয়েল মিডিয়াৰ ওপৰতো ৰখা হ'ব কঠোৰ নিৰীক্ষণ"-মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীয়ে কয়।

তাৎপৰ্যপূৰ্ণ যে NRC ত নাম নথকাসকলেও ভোটদানৰ সুবিধা পাব।কিন্তু তেওঁৰ নাম ভোটাৰ তালিকাত থাকিব লাগিব। উল্লেখ যে আৰক্ষী প্ৰশাসনৰ সৈতে যোৱা তিনিদিন ধৰি আগন্তক নিৰ্বাচনৰ বাবে বিভিন্ন স্তৰত বৈঠকত মিলিত হৈছিল আয়োগ।তদুপৰি ৰাজনৈতিক দলসমূহৰ পৰাও গ্ৰহণ কৰিছিল মতামত।

আনহাতে,নির্বাচনৰ চূড়ান্ত দিন-বাৰ শীঘ্ৰে আয়োগে দিল্লীত ঘোষণা কৰিব বুলি সংবাদমেলত জানিবলৈ দিয়ে। সংবাদমেলত উপস্থিত থাকে নিৰ্বাচন আয়ুক্তদ্বয় সুশীল চন্দ্ৰা আৰু ৰাজীৱ কুমাৰ।

Your Comments