ৰাম মন্দিৰ নিৰ্মাণৰ বাবে অসমত ১৫ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব অৰ্থ সংগ্ৰহ অভিযান

Pic

ৰাম মন্দিৰ নিৰ্মাণৰ বাবে অসমত গাঁৱে গাঁৱে আৰম্ভ হ'ব অৰ্থ সংগ্ৰহ অভিযান।অহা ১৫ জানুৱাৰীৰ পৰা ৩১জানুৱাৰীলৈ ৰাম মন্দিৰ নিধি সমৰ্পণ সমিতিয়ে অসমৰ প্ৰান্তে প্ৰান্তে আৰম্ভ কৰিব এই অভিযান।সংবাদমেলত এই বিষয়ে ৰাম মন্দিৰ নিধি সমৰ্পণ সমিতিৰ অসম প্ৰান্তৰ সাধাৰণ সম্পাদক ডাঃ উমেশ চক্ৰৱৰ্তীয়ে।

অভিযানত সামৰি ল'ব ১৬হাজাৰ ৭০৬খন গাঁও।গুৱাহাটী মহানগৰৰ ৬০টা ৱাৰ্ডত সমিতিয়ে সংগ্ৰহ কৰিব অৰ্থ।

অৰ্থ সংগ্ৰহ কৰাৰ বাবে তিনিটা পৰ্যায়ত কুপন প্ৰস্তুত কৰিছে সমিতিয়ে।অসমৰ পৰা ২০-২৫ কোটি টকা অৰ্থ সংগ্ৰহৰ লক্ষ্য লৈছে সমিতিয়ে।দিছপুৰ প্ৰেছ ক্লাবত মঙলবাৰে সংবাদমেল যোগে ঘোষণা কৰিলে এই কথা।

Your Comments