নগাঁৱত কংগ্ৰেছ এৰি বিজেপিলৈ ২ সহস্ৰাধিক সংখ্যালঘু লোক !

Pic

"প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এতিয়া সমগ্ৰ দেশৰ সৰ্বাংগীন বিকাশ হোৱাৰ লগতে অসমত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত হোৱা উন্নয়নে নতুন মাত্ৰা লাভ কৰিছে। সেয়েহে এতিয়া ৰাইজে ভাৰতীয় জনতা পাৰ্টিক আদৰি লৈছে আৰু দলে বলে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। অনাগত দিনতো ৰাইজে বিজেপি দলক আদৰি ল’ব আৰু  আমাক ৰাইজৰ বাবে সেৱা আগবঢ়াবলৈ সুবিধা প্ৰদান কৰিব"-এই মন্তব্য কৰিছে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই।

শনিবাৰে ভাৰতীয় জনতা পাৰ্টিৰ সংখ্যালঘু মৰ্চাৰ উদ্যোগত আৰু হেৰাপট্টি কেন্দুগুৰি গাঁও পঞ্চায়তৰ সহযোগত অনুষ্ঠিত যোগদান সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিধায়ক ৰূপক শৰ্মাই লগতে কয় - ‘বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে চহৰৰ সমন্তৰালকৈ গ্ৰামাঞ্চলৰ উন্নয়নটো মনোনিবেশ কৰি আহিছে। আমাৰ চৰকাৰে মহিলা সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আমাৰ চৰকাৰে প্ৰদান কৰা উন্নয়ন মূলক আঁচনি সমূহৰ জৰিয়তে সকলো ধৰণৰ লোক বৰ্তমান উপকৃত হৈছে”৷

হেৰাপট্টি পঞ্চায়তৰ সভানেত্ৰী ফাইজিলা বেগমৰ সভাপতিত্বত অনুষ্ঠিত বিশাল যোগদান সভাখনত কংগ্ৰেছ আৰু AIUDF দল ত্যাগ কৰি হাজাৰোধিক লোকে ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাবে যোগদান কৰে। কংগ্ৰেছ আৰু AIUDF ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰা প্ৰতিগৰাকী ব্যক্তিক বিজেপি দললৈ আদৰণি জনাইছে বিধায়ক ৰূপক শৰ্মাই ।

Your Comments