"কলিজাত দম আছে যদি ছয়গাঁঁও সমষ্টিত মোক কোনোৱাই হৰুৱাই দেখুৱাওক"-হাজোত কংগ্ৰেছ নেতা ৰেকিবুদ্দিন আহমেদ

Pic

হাজোৰ বিশেষ প্ৰতিবেদক:

"ছয়গাঁঁও সমষ্টিত এশ কোটি নহয়,পাঁঁচশ কোটি খৰচ কৰক,তাত মোৰ ক'বলগীয়া একো নাই।কাৰোবাৰ কলিজাত যদি দম আছে ছয়গাঁঁও সমষ্টিত মোক হৰুৱাই দেখুৱাওক"–শুকুৰবাৰে হাজোত এই মন্তব্য কৰে ছয়গাঁঁও সমষ্টিৰ কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদে।

শুকুৰবাৰে তীৰ্থ দৰ্শনৰ বাবে তীৰ্থ নগৰী হাজোত উপস্থিত হোৱা প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা ৰাষ্ট্ৰীয় নেতা জিতেন্দ্ৰ সিঙক সংগ দিবলৈ আহি সাংবাদিকৰে সৈতে হোৱা সাক্ষাৎকাৰত ৰেকিবুদ্দিনে এইবাৰ কংগ্ৰেছ দলৰ চৰকাৰ হোৱাটো নিশ্চিত বুলি উল্লেখ কৰি কেনেদৰে কংগ্ৰেছে চৰকাৰ গঠন কৰাৰ বাবে ব্লু প্ৰিণ্ট ৰচনা কৰিব,সেয়া অচিৰেই প্ৰকাশ কৰা হ'ব বুলিও উল্লেখ কৰে।

তেওঁৰ দুৰ্নীতি-কেলংকাৰীৰ তদন্ত সন্দৰ্ভত সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত বিধায়কগৰাকীয়ে যিকোনো তদন্তৰ বাবে সদায়েই সাজু থকা বুলিও প্ৰকাশ কৰে।

Your Comments