প্ৰতি লিটাৰত ৫ টকা পৰ্যন্ত কম হ’ব পাৰে পেট্ৰ’লৰ দাম

Pic

ইণ্ডিয়ান অইল কৰ্প’ৰেচন লিমিটেড, ভাৰত পেট্ৰ’লিয়াম কৰ্প’ৰেচন লিমিটেড আৰু হিন্দুস্তান পেট্ৰ’লিয়াম কৰ্প’ৰেচন লিমিটেডে কালি প্ৰায় এমাহৰ অন্তত দৈনিক আধাৰত ইন্ধনৰ দামৰ সমীক্ষা আৰম্ভ কৰিছে। কালি পেট্ৰ’লৰ দাম ২৩ পইচা প্ৰতি লিটাৰ আৰু ডিজেলৰ দাম ২৬ পইচা প্ৰতিলিটাৰত বৃদ্ধি হৈছিল। আকাশলংঘী হোৱা পেট্ৰ’ল–ডিজেলৰ দামৰ পৰা শীঘ্ৰে সকাহ পাব পাৰে গ্ৰাহকসকলে। পেট্ৰ’লিয়াম মন্ত্ৰণালয়ে চৰকাৰক পেট্ৰ’ল–ডিজেলৰ দামৰ ক্ষেত্ৰত সকাহ দিয়াৰ কথা কৈছে। মন্ত্ৰণালয়ে কয় যে, কৰ’ণাৰ সময়ত পেট্ৰ’ল–ডিজেলৰ ক্ষেত্ৰত বৃদ্ধি কৰা উত্‍পাদন শুল্ক যদি ৫০ শতাংশ কৰ্তন কৰা যায়, তেন্তে পেট্ৰ’লৰ দাম ৫ টকা প্ৰতিলিটাৰ পৰ্যন্ত কমিব পাৰে। লকডাউনৰ বাবে চৰকাৰে পেট্ৰ’লৰ ওপৰত এবাৰতেই ১০ টকা উৎপাদন শুল্ক বঢ়াই দিছিল। মন্ত্ৰণালয়ে কয় যে উৎপাদন শুল্ক কৰ্তন কৰাৰ পাছত উপভোক্তাই ইয়াৰ লাভ পাবৰ বাবে সংশ্লিষ্ট ৰাজ্যসমূহে পূৰ্ণ সহযোগিতা আগবঢ়াব লাগিব। অইল মাৰ্কেটিং কোম্পানী HPCL, BPCL আৰু IOCয়ে পুৱা ৬ বজাৰ পিছত পেট্ৰ’ল–ডিজেলৰ নতুন দাম নিৰ্ধাৰণ কৰে। নতুন দাম জানিবৰ বাৱে ৱেবছাইটত গৈ সবিশেষ চাব পৰা যাব। মোবাইল ফোনত SMSৰ জৰিয়তেও পেট্ৰ’ল–ডিজেলৰ দাম চাব পৰা যাব।92249 92249 নম্বৰত SMSপ্ৰেৰণ কৰি পেট্ৰ’ল–ডিজেলৰ নতুন দামৰ বিষয়ে জানিব পৰা যাব। তাৰ বাবে RSP SPACE দি পেট্ৰ’ল পাম্প ডিলাৰৰ কোড লিখি 92249 92249 নম্বৰলৈ SMS কৰিব লাগিব।

Your Comments