এতিয়াৰেপৰা WhatsAppতে কৰিব পাৰিব বেংক অৱ বৰোদাৰ সকলো কাম 

Pic

গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ বেংক অৱ বৰোদাই WhatsAppৰ জৰিয়তে বেংকিং সেৱা আগবঢ়াব । এতিয়াৰেপৰা Whatsappৰ জৰিয়তে ঘৰতে বহি প্ৰায় সকলো কাম কৰিব পাৰিব। আপোনাৰ একাউণ্টৰ বেলেঞ্চ, ষ্টেটাছ ঘৰতে বহি জানিব পাৰিব ৷ এক বিজ্ঞপ্তি জাৰি কৰি বেংকৰ ফালৰ এই বিষয়ে জনোৱা হৈছে। 8433 888 777 নম্বৰটোলে মেছেজ কৰি WhatsAppত কৰিব পাৰিব বেংকিং।

এই সেৱা লাভ কৰিবলৈ হ’লে বেংকৰ WhatsApp বিজনেছ একাউণ্ট নম্বৰ 8433 888 777 আপোনাৰ ফোনত ছেভ কৰাৰ পাছত এই নম্বৰত "Hi" লিখি প্ৰেৰণ কৰিব লাগিব। এই নম্বৰত বেংকিং সেৱা ২৪ ঘণ্টাই আৰশ ৭ দিনেই লাভ কৰিব।

এই সেৱাৰ জৰিয়তে গ্ৰাহকে এটিএম কাৰ্ড পৰ্যন্ত ব্লক কৰিব পৰাকৈ সুবিধা আছে ৷

Your Comments