ভাৰতীয় জনতা যুৱ মৰ্চাৰ বড়িগোগ বনভাগ মণ্ডলৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

ঘগ্ৰাপাৰ

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,২০ নৱেম্বৰঃ

নলবাৰী জিলাৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ  অন্তৰ্গত নৱনিৰ্বাচিত বড়িগোগ বনভাগ মন্ডলৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা আজি দতৰাত অনুষ্ঠিত হয়। দতৰাৰ গাঁও পঞ্চায়তৰ চৌহদৰ ৰাজহুৱা সভা গৃহত মন্ডল যুৱ মৰ্চা সভাপতি সুৰেশ কলিতাৰ সভাপতিত্ব অনুষ্ঠিত সভাখনত "আত্মনিৰ্ভৰ ভাৰত,আত্মনিৰ্ভৰ অসম" শীৰ্ষক বক্তৃতা অনুষ্ঠানত নলবাৰীৰ বিধায়ক অশোক শৰ্মাই অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে।নিজ ভাষণত বিধায়কগৰাকীয়ে আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে দেশৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ‍্যোগৰ উন্নয়ন সাধন কৰা হৈছে বুলি উল্লেখ কৰি অসমকো এই আঁচনিত সংযোজিত কৰাৰ প্ৰয়াস চলিছে বুলি মন্তব্য কৰে।আনহাতে এই আ‍ঁচনিৰ বাবে স্থানীয় উৎপাদিত সামগ্ৰীৰ জৰিয়তে অৰ্থব‍্যৱস্থা টনকিয়াল কৰা হৈছে বুলিও বিধায়কগৰাকীয়ে মন্তব্য কৰে।উক্ত সভাত ৰাজি‍্যক বিজেপিৰ উপসভাপতি জয়ন্ত মল্ল বৰুৱাই অংশগ্ৰহণ কৰি যুৱ কৰ্মীসকলৰ উদ্দেশি ভাষণ প্ৰদান কৰে। " ৰাজ‍্য চৰকাৰৰ উপলব্ধি আৰু বৰ্তমান ৰাজনৈতিক পৰিদৃশ‍্যত আমাৰ ভুমিকা "। শীৰ্ষক বক্তৃতা অনুষ্ঠানত ভাষণ প্ৰদান কৰি নেতাগৰাকীয়ে বিজেপি এটা দল নহয় এই এটা মিছনহে বুলি উল্লেখ‍্য কৰি এই দলটোৱে সদায় লক্ষ্যত উপনীত হব বিচাৰে বুলি মন্তব্য কৰে।এই দলটোৱে দেশপ্ৰেমীক হ'লে মানুহ সংস্কাৰ হয় বুলি উল্লেখ‍্য কৰি দলটোৱে প্ৰকৃত ব‍্যক্তি নিৰ্মানত গুৰুত্ব দি আহিছে বুলি মন্তব্য কৰে।দলটোৰ আদৰ্শ প্ৰতিষ্ঠাত নিজক উছৰ্গীত কৰিবলৈ যুৱ কৰ্মীসকলক নেতাগৰাকীয়ে আহ্বান জনায়।লগতে এটা দলৰ সফলতা যুৱ কৰ্মীসকলৰ ওপৰতে নিৰ্ভৰ কৰে বুলি তেওঁ মন্তব্য কৰে।সভাত নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ,নলবাৰী জিলাৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি হেমন্ত বৰ্মন,নলবাৰী জিলা পৰিষদৰ অধ‍্যক্ষ নিতুল ডেকা , ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকায়ো যুৱ কৰ্মীসকল উদ্দেশি ভাষণ প্ৰদান কৰে।কাৰ্যনিৰ্বাহক সভাখনৰ পুৰ্বে পুৱাৰ ভাগত পতাকা উত্তোলন,বন্তি প্ৰজ্বলন আৰু সম্বৰ্ধনা অনুষ্ঠান ৰূপায়ণ কৰে। আজিৰ কাৰ্যনিৰ্বাহক সভাখনত অঞ্চলটোৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ প্ৰায় দুইশতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰা সভাখনৰ আঁত ধৰে মন্ডল যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক হেমাংগ দাসে।

Your Comments