জ্যেষ্ঠ সাংবাদিক খগেন কলিতাৰ কংগ্ৰেছত যোগদান

Khagen Kalita

ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক খগেন কলিতাৰ ৰাজনীতিত আনুষ্ঠানিকভাৱে যোগদান।কেইবাদশক যোৰা সাংবাদিকতাৰ অভিজ্ঞতাৰে পুষ্ট গান্ধীবাদী আদৰ্শত বিশ্বাসী কলিতাই সোমবাৰে কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে।গুৱাহাটীৰ ৰাজীৱ ভৱনত সভাপতি ৰিপুন বৰাৰ উপস্থিতিত আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে খগেন কলিতাই।উল্লেখ যে জ্যেষ্ঠ সাংবাদিকগৰাকী সক্রিয় ৰাজনীতিৰে জড়িত হোৱাৰ কথা দীর্ঘদিনৰ পৰা চৰ্চিত হৈ আছিল।

গুৰুত্বপূৰ্ণ যে '২১ৰ বিধানসভা নিৰ্বাচনত হাজো সমষ্টিৰ পৰা সাংবাদিক কলিতাই কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব লাভ  কৰাৰ প্ৰৱল সম্ভাৱনা আছে।ইতিমধ্যে কংগ্ৰেছৰ পৰা পদত্যাগ কৰা হাজো সমষ্টিৰ যুৱ নেতা তথা কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক দুলু আহমেদৰ ঠাইত কলিতাই কংগ্ৰেছ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে।

Your Comments