যুৱ-ছাত্ৰ পৰিষদৰ ঘগ্ৰাপাৰৰ পৈছাৰা শাখা সমিতি গঠন

AJYCP

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,১৭ অক্টোবৰ:

অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদ,ঘগ্রাপাৰ আঞ্চলিক সমিতিৰ অন্তৰ্গত পৈছাৰা শাখা সমিতিখন শনিবাৰে ছৰিফুল আলীৰ সভাপতিত্বত অনুষ্ঠিত সভাত নতুনকৈ গঠন কৰা হয়।পৈছাৰাৰ স্থানীয় প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা উক্ত সভাখনত নলবাৰী জিলা সমিতিৰ  উপ-সভাপতি ছফিকুৰ ৰহমানৰ লগতে ঘঃআঃ সমিতি উপ-সভাপতি নৱজ্যোতি কলিতা উপস্হিত থাকে।ৰাহুল আলীক সভাপতি আৰু ৰাহুল হুছেইনক সাধাৰণ সম্পাদকৰ দায়িত্ব দি এখন শক্তিশালী শাখা সমিতি গঠন কৰা হয়।  অনাগত দিনত অসম আৰু অসমীয়াৰ হৈ কাম কৰি যোৱাৰ আশাৰে নতুন সমিতিখনলৈ বৈপ্লৱিক অভিনন্দন জনায়।যুৱ-ছাত্ৰ পৰিষদৰ নীতি-আদৰ্শ সন্দৰ্ভত নলবাৰী সমিতিৰ উপ-সভাপতি ৰহমান আৰু ঘগ্ৰাপাৰ আঞ্চলিক যুৱ ছাত্র পৰিষদ সভাপতি ইন্টাজৰ হুছেইনে মন্তব্য আগবঢ়ায়।

Your Comments