মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ,পঢ়ি জানি লওঁক

Metric

আগন্তুক বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা পৰীক্ষাৰ্থীৰ বাবে 'ছেবা'ই জাৰি কৰিলে গুৰুত্বপূৰ্ণ নিৰ্দেশনা।২০২১বর্ষত মেট্ৰিকত অৱতীৰ্ণ হ'ব লগা পৰীক্ষাৰ্থীয়ে প্ৰ-পত্ৰ পূৰণৰ বাবে মাধ্যমিক শিক্ষা সংসদে জাৰি কৰিলে নিৰ্দেশনা।

অনলাইন প্ৰ-পত্ৰ পূৰণৰ বাবে ঘোষণা কৰিলে তাৰিখ।অহা ২ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়া।২৩ নৱেম্বৰলৈকে কৰিব পাৰিব প্ৰ-পত্ৰ পূৰণ।

Pic

প্ৰ-পত্ৰ পূৰণৰ চালান জাৰি কৰাৰ অন্তিম তাৰিখ হৈছে ২৭ নৱেম্বৰ।

বেংকত মাচুল জমা কৰাৰ অন্তিম তাৰিখ ৩০ নৱেম্বৰ।

ড্ৰাফ চেকলিষ্ট ৫ ডিচেম্বৰত আপলোড কৰা হ'ব।

যদি কোনো  ভুল-ত্ৰুটি থাকে,১০ ডিচেম্বৰৰ ভিতৰত বিদ্যালয়সমূহে শুধৰণি কৰিব লাগিব।

অহা ১৫ ডিচেম্বৰত প্ৰকাশ পাব চূড়ান্ত তালিকা।

ছাত্ৰ-ছাত্ৰীয়ে প্ৰ-পত্ৰ পূৰণৰ মাচুল হ'ব ৬৫০ টকা।কেন্দ্ৰৰ মাচুল ৩৫০ টকা,ব্যৱহাৰিক পৰীক্ষা মাচুল ১৫০ টকা।

ছাত্ৰ-ছাত্ৰীয়ে ছেবাৰ ৱেবচাইট WWW.SEBAONLINE.ORG ত প্ৰ-পত্ৰ পূৰণ কৰিব পাৰিব।

গুৰুত্বপূৰ্ণ যে আগন্তক মেট্ৰিক পৰীক্ষাথীৰ বাবে ৩০% ছিলেবাছ হ্ৰাস কৰিছে ছেবাই।

Your Comments