নিয়োগ কেলেংকাৰীৰ প্ৰতিবাদ:কামৰূপ জিলাৰ সদৰত কামৰূপ 'আছু'ৱে দাহ কৰিলে মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰতিকৃতি

Aasu Protest

মৃণাল ডেকা,শুৱালকুছি : 

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু নিয়োগ সংক্রান্তীয় দুৰ্নীতি-কেলেংকাৰী ৰোধ কৰাত অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বিৰুদ্ধে আৰু উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষীক দৃষ্টান্তমুলক শাস্তি বিহাৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত বৃহস্পতিবাৰে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই কামৰূপ জিলাৰ সদৰ  আমিনগাঁৱত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ণ কৰে।এই প্ৰতিবাদী কাৰ্যসূচীত জিলা ছাত্ৰ সন্থাৰ সভাপতি দিবাকৰ কলিতা উপস্থিত থাকি কয় যে দুৰ্নীতিমুক্ত,শূন্য সহনশীলতাৰ কথা কোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত বিজেপি নেতৃত্বধীন চৰকাৰখনে কোনো এটা বিভাগৰে পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰিব নোৱাৰিলে,এয়া চৰম দুৰ্ভাগ্যজনক।অতি শীঘ্ৰে এই নিয়োগ সংক্ৰান্তীয় কেলেংকাৰীত জড়িত ব্যক্তিসকলক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী কলিতাই দাবী জনায়।প্ৰতিবাদকাৰীসকলে হাতে হাতে,বেনাৰ,প্লে'কাৰ্ড লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হায়!হায়!,নিয়োগ কেলেংকাৰী বন্ধ কৰক,অসম চৰকাৰ হায়!হায়! আদি শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷ উক্ত কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ তথ্য আৰু কাৰ্যালয় সম্পাদক ধৰ্মেশ্বৰ দাস,জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক পংকজ কলিতা,দ্বীপজ্যেতি লহকৰ,সুৰজিত কলিতা আদিকে ধৰি কেইবাজনো আছু নেতা উপস্থিত থাকে৷
 

Your Comments