গুৱাহাটী শ্বহীদ ভৱনৰ সন্মুখত 'আছু'ৱে দাহ কৰিলে মুখ্যমন্ত্ৰী প্ৰতিকৃতি

Aasu Protest

*নিযুক্তি সম্পৰ্কীয় দুৰ্নীতি ৰোধ কৰাত অসম চৰকাৰৰ ব্যৰ্থতা*

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু নিয়োগ সংক্রান্তীয় দুৰ্নীতি-কেলেংকাৰী ৰোধ কৰাত অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই বৃহস্পতিবাৰে ৰাজ্যজুৰি দাহ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি।সদৌ গুৱাহাটী ছাত্ৰ সন্থাই 'আছু'ৰ মুখ্য কাৰ্যলয় শ্বহীদ ভৱনৰ সন্মুখত মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰে।বিজেপি চৰকাৰ মুুর্দাবাদ,সৰ্বানন্দ সোণোৱাল হায় হায় আদি বিভিন্ন ধৰণৰ চৰকাৰ বিৰোধী শ্লোগান প্ৰদান কৰে।

তেওঁলোকৰ দাবী-"চৰকাৰী নিযুক্তিত দুৰ্নীতি সংঘটিত কৰাসকলৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে।"গুৱাহাটীৰ প্ৰতিমূৰ্তি দাহৰ কাৰ্যসূচীত উপস্থিত থাকে আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সীমান্ত ঠাকুৰীয়া প্ৰমুখ্যে বহুকেইজন কেন্দ্ৰীয়  কাৰ্যনিৰ্বাহক সদস্য।

"ৰাজ্যৰ হাজাৰ হাজাৰ পৰীক্ষাৰ্থীক অন্ধকাৰত ৰাখি চাকৰিৰ নামত এখন লুণ্ঠনৰ বজাৰ সৃষ্টি কৰিছে।নিৰ্দিষ্ট দিনৰ এদিন পূৰ্বে ল'জত পৰীক্ষা পাতি প্ৰকৃত মেধাৱীক বঞ্চিত কৰিছে"-এই গুৰুতৰ অভিযোগ সদৌ গুৱাহাটীৰ ছাত্ৰ সন্থাৰ।

উল্লেখ যে 'এছআই' পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাই মুখ্যমন্ত্ৰী সোণোৱালৰ  দুৰ্নীতিৰ বিৰুদ্ধে শূূূন্য সহনশীলতাৰ নীতিত প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে।

Your Comments