গুৱাহাটী স্মাৰ্ট চিটীত কৃত্ৰিম বান,উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভিতৰত পানী

Artificial Flood

কৃত্ৰিম বানত বুৰ গ'ল গুৱাহাটী স্মাৰ্ট চিটী।পুৱাৰ ভাগৰ মুষলধাৰ বৰষুণত  মহানগৰীৰ জনজীৱন ব্যাহত।চানমাৰি,জু-ৰোড,ৰ'টাৰী ক্লাব,আমবাৰীৰ ৰাজপথত এককাল পানী।তীব্ৰ যান-জঁট গুৱাহাটীৰ ৰাজপথত।

ইফালে,উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভিতৰতো কৃত্ৰিম বান।বানৰ বাবে বাতিল কৰিব লগা হৈছে পাঠদান।সোমবাৰৰ পৰা ক'ভিড  প্ৰট'কল মানি ৰাজ্যত নৱম আৰু দশম শ্রেণীৰ পাঠদান আৰম্ভ হৈছিল যদিও কৃত্ৰিম বানৰ বাবে আজি ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকল বিদ্যালয়লৈ আহিও গেটৰ সন্মুখৰ পৰাই উভতি যাব লগা হয়।

AF

উল্লেখ যে গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীত পূৰ্বৰ দৰে বানপানী নহয় বুলি বিভিন্ন সময়ত কৰি অহা ঘোষণাৰ স্বৰূপ এজাক বৰষুণতে উন্মোচিত হ'ল।

Your Comments