শিৱসাগৰত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘট 

Sibsagar

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত শনিবাৰে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।ইতিহাসে ঢুকি নোপোৱা দিনৰে পৰা অসমত বসবাস কৰি অহা চুতীয়া জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান কৰাৰ লগতে ষষ্ঠ অনুসূচীৰ আধাৰত চুতীয়া জনগোষ্ঠীক স্বায়ত্ব শাসিত পৰিষদ প্ৰদানৰ দাবীত ৰূপায়ন কৰা এই প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি চুতীয়া ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে স্বাধীনোত্তৰ কালৰে পৰা প্ৰতিখন চৰকাৰে চুতীয়া জনগোষ্ঠীটোক অৱহেলা কৰি অহাৰ অভিযোগ উত্থাপন কৰে। তদুপৰি,শেহতীয়াকৈ অসমৰ ৬ জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতিৰে চৰকাৰ গঠন কৰা বিজেপি চৰকাৰে তিনিটা জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান কৰে যদিও বাকী তিনিটা জনগোষ্ঠীক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰি সংগঠনটোৱে আগন্তুক ২১ ৰ নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ প্ৰদান কৰে।

 

Your Comments