দাখিলৰ ছয় মাহৰ পিছতো দিছপুৰৰ পৰা দিল্লী গৈ নাপালে ৬নং দফাৰ প্ৰতিবেদন

Govt.

অসম চুক্তিৰ ছয় নং দফা কমিটীয়ে প্ৰতিবেদন দাখিল কৰাৰ প্ৰায় ছয় মাহ সম্পূৰ্ণ হ'ল।আজিও দিল্লী গৈ নাপালে কমিটীৰ    প্ৰতিবেদন।অসম চৰকাৰে দিছপুৰতে পেলাই থ'লে অসম চুক্তিৰ আত্মা আখ্যা দিয়া ছয় নং দফাৰ উচ্চস্তৰীয় কমিটীৰ প্ৰতিবেদন।ৰাজ্যসভাৰ মজিয়াত কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিলে এই বিস্ফোৰণ তথ্য।

ৰাজ্যসভাৰ সাংসদ সম্ভাজী ছত্ৰপতিয়ে কৰা প্ৰশ্নত গৃহ মন্ত্ৰণালয়ে প্ৰদান কৰিছে এই উত্তৰ।কেন্দ্ৰীয় চৰকাৰৰ হাতত পৰা নাই ৬নং দফা কমিটীৰ প্ৰতিবেদন।

উল্লেখ যে।অসমবাসীক সাংবিধানিক ৰক্ষাকৱচ প্ৰদান কৰিব বুলি কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰম মিথ্যাচাৰৰ পিছতে ৰাজ্যজুৰি আৰম্ভ হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।দাৰি, কমাসহ কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিয়া অসম চৰকাৰৰ মিথ্যাচাৰত ৰাজ্যজুৰি দল-সংগঠনে প্ৰকাশ কৰিছে ক্ষোভ।

গুৰুত্বপূৰ্ণ যে ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ কমিটীয়ে ফেব্ৰুৱাৰী মাহতে অসম চৰকাৰৰ হাতত অৰ্পণ কৰিছিল প্ৰতিবেদন।তাৰ পিছতো বিগত ৫ মাহত ফলাফল লাভ নকৰাত সদৌ অসম ছাত্ৰ সন্থাই যোৱা আগষ্ট মাহত ৰাজহুৱা কৰিছিল কমিটীৰ প্ৰতিবেদন।প্ৰতিবেদন ৰাজহুৱা কৰাৰ পিছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই 'আছু'ৰ কাৰ্যক তীব্ৰ ভাষাৰে সমালোচনা কৰিছিল।

Your Comments