ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান:ওঠৰগৰাকী কৃতীমানক সম্বৰ্ধনা

Ghagrapar

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

নলবাৰী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বুধবাৰে ঘগ্ৰাপাৰ হাইস্কুলৰ প্ৰেক্ষাগৃহত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ১৮ গৰাকী ছাত্ৰ-ছাত্ৰীক বিশেষভাৱে অভিনন্দন জনায়৷

Ghagrapar

বিশ্বত্ৰাস ক'ভিড ১৯ৰ ভয়াৱহতা আৰু ইয়াৰ প্ৰতিৰোধৰ বাবে চৰকাৰে দিয়া সকলো নীতি- নিৰ্দেশনা মানি নলবাৰী জিলা উন্নতি সভাৰ সাধাৰণ সম্পাদক ৰাতুল চন্দ্ৰ ডেকাৰ সভাপতিত্বত কৰা অনুষ্ঠিত কৰা অভিনন্দন অনুষ্ঠানটি মুকলি কৰে বনভাগ মহাবিদ্যালয়ৰ অধ‍্যক্ষ যোগেন্দ্ৰ কলিতাই।কলিতাই নিজ ভাষণত কৃৃতী শিক্ষাৰ্থীসকলক ভৱিষ্যতে জাতি আৰু দেশৰ হিতৰ বাবে কাম কৰিবলৈ আহ্বান জনায়।সভাত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ৰিয়াজুদ্দিন আহমেদে ভাষণত কয় যে তলাবন্ধৰ সময়ত সাধাৰণ শ্ৰেণীৰ ৰাইজ জুৰুলা হোৱাৰ সমান্তৰালভাৱে ৰাজ‍্যৰ ছাত্ৰ-ছাত্ৰীসকল অধ্যয়নত ভীষণ ক্ষতিগ্ৰস্ত হৈছে।সভাত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ‍্যোতি পাঠক,সাধাৰণ সম্পাদক অক্ষয় ডেকা,ঘগ্ৰাপাৰ হাইস্কুলৰ প্ৰধান শিক্ষক নাথুৰাম তালুকদাৰ আদিয়ে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক উদ্দেশ্য কৰি শিক্ষামূলক বক্তব্য প্ৰদান কৰে৷ঘগ্ৰাপাৰ আঞ্চলিক ছাত্র সন্থাৰ সাধাৰণ সম্পাদক হীৰকজ‍্যেতি শৰ্মাই আঁত ধৰা অনুষ্ঠানটিত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাংঠনিক সম্পাদক মিলন দাস,ক্ৰীড়া সম্পাদক কংকন কলিতা,উপ-সভাপতি উৎপল কলিতা,কাৰ্য্যনিৰ্বাহ সদস্য ৰঞ্জিত শৰ্মা,সাংবাদিক তপন দাস,বীৰেন কলিতা,ত্ৰিদীপ কলিতা,দ্বিজেন ডেকা,ৰবীন্দ্ৰ নাথ কলিতা,শংকৰ কলিতা আদিয়ে অংশগ্ৰহণ কৰে।ঘগ্ৰাপাৰ  আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক নিকুঞ্জ শৰ্মাই সভাৰ উদ্দেশ্য ব্যখ্যা কৰা সভাখনত ওঠৰগৰাকী ছাত্ৰ-ছাত্ৰীক গামোচা,কিতাপ,মানপত্ৰ আদিৰে অভিনন্দন জনায়।অনুষ্ঠানত অভিনন্দন গ্ৰহণ কৰি সদ‍্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষষ্ঠ স্থান দখল কৰা ঘগ্ৰাপাৰৰ এম বিচিয়াছ একাডেমিৰ ছাত্রী মালৱিকা ভৰদ্বাজে একাগ্ৰতা থাকিলে জীৱনত সাফল্য লাভ কৰিব পাৰি বুলি নিজৰ ভাষণত  মন্তব্য কৰে।অনুষ্ঠানত ঘগ্ৰাপাৰ  আঞ্চলিক ছাত্ৰ সন্থাই লকডাউনৰ সময়ত অনলাইনৰ জড়িয়তে আয়োজন কৰা প্ৰৱন্ধ প্ৰতিযোগিতাৰ বঁটাসমুহ বিতৰণ কৰাৰ লগতে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰা শিক্ষানুষ্ঠানসমূহৰ মুৰব্বীসকলকো সম্বৰ্ধনা জনায়।

Your Comments