আশ্চৰ্যজনক:সীমান্তত ৰণ-দুন্দুভি বজাৰ সময়তে চীনে ভাৰতৰ পৰা বৃদ্ধি কৰিছে আমদানি,কাৰণ কি?

Steel

ভাৰতৰ বাণিজ্য ক্ষেত্ৰত এটা আশ্চৰ্যজনক পৰিঘটনা দেখা গৈছে।লাডাখ সীমান্তত ভাৰত আৰু চীনৰ মাজত তীব্ৰ উত্তেজনা বিৰাজ কৰাৰ সময়তে চীনে ভাৰতৰ পৰা আইৰন আৰু ষ্টীল,প্লাষ্টিক,তামৰ আমদানি বৃদ্ধি কৰিছে।ফেডাৰেচন অব ইণ্ডিয়ান এক্সপোৰ্ট অৰ্গেইনাজেছনৰ মতে বিগত বৰ্ষৰ একেখিনি সময়ৰ তুলনাত চীনে ভাৰতৰ পৰা আইৰন আৰু ষ্টীল যোৱা তিনিমাহ(জুন-আগষ্ট মাহ)ত ৭৮ শতাংশ অধিকভাৱে আমদানি কৰিছে।প্লাষ্টিক আমদানি কৰিছে ৯৩ শতাংশ অধিককৈ আৰু তাম আমদানি কৰিছে ৭৮৯ শতাংশ অধিকভাৱে।মুঠতে,পূৰ্বৰ তুলনাত চীনে ভাৰতৰ পৰা ৩০ শতাংশ অধিকভাৱে সামগ্ৰী আমদানি কৰিছে।চীনে ভাৰতৰ পৰা ধাতুজাত সামগ্ৰীৰ আমদানি বৃদ্ধি কৰাটোক কমিউনিষ্ট দেশখনৰ এটা কৌশল বুলি ক'বলৈ বিচাৰিছে।এই কৌশলৰে 'আত্মনিৰ্ভৰশীল ভাৰত' কাৰ্যসূচীক বাধা দিবলৈ বিচাৰিছে চীনে।চীনে ভাৰতৰ পৰা অধিকভাৱে ঔদ্যোগিক কেঁচামাল আমদানি কৰি ভাৰতীয় উদ্যোগসমূহৰ বাবে ঔদ্যোগিক কেঁচামালৰ নাটনি কৰিবলৈ বিচাৰিছে।ভাৰতীয় উদ্যোগসমূহে ঔদ্যোগিক কেঁচামাল পৰ্যাপ্তভাৱে নাপালে আত্মনিৰ্ভৰশীল ভাৰত অভিযান ব্যৰ্থ হৈ পৰিব,যিটো চীনে আশা কৰিছে।দোহৰাৰ প্রয়োজন নাই ভাৰত আত্মনিৰ্ভৰশীল হোৱাটো চীনে কদাপি নিবিচাৰে।

Your Comments