কামৰূপৰ ডিমুত নিশা ভয়ংকৰ বাইক দুৰ্ঘটনা:বাহাৰঘাটৰ দুজন যুৱক নিহত

Accident Death

নৰেন শৰ্মা,বাহাৰঘাট:

দেওবাৰে নিশা ৮-৩০ মান বজাত মৰোৱা কমলপুৰ পথৰ ডিমু চনমাগুৰীত এটা ভয়ংকৰ মটৰ বাইক দুৰ্ঘটনাত দেৱজিত লহকৰ(৩৩) আৰু জ্যোতি লহকৰ(২৪) নামৰ দুজন যুৱক ঘটনাস্থলীতে নিহত হোৱাত সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁঁ পৰিছে৷জানিব পৰা মতে নিশা যুৱক দুজনে ডিমুৰ ফালৰ পৰা নিজ গৃহ নলবাৰী জিলাৰ বাহাৰঘাট অঞ্চলৰ পূৰ্নদৈচপৰা(লহকৰপাৰা)গাঁঁৱলৈ এ এছ ১৪ কে ৮৪০০ নং মটৰ চাইকেলখনৰে আহি থাকোতে মৰোৱা কমলপুৰ পথৰ এটা গতিৰোধকৰ বাবে মটৰ চাইকেলখন পথভ্ৰষ্ট হৈ কবৰস্থান এখনত সোমাই যায়৷কবৰস্থানত সোমায়ে মটৰ চাইকেলখনে প্ৰচণ্ড জোৰেৰে গছৰ মূঢ়া এটাত খুন্দিওৱাৰ ফলত দুয়ো যুৱকৰ ঠাইতে মৃত্যু হয়৷ঘটনাৰ পিছতে ডোৱক আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটাৰ লগতে মটৰ চাইকেলখন চমজি লয়৷সোমবাৰে পুৱাৰ ভাগত ৰঙিয়া আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে দুয়োটা মৃতদেহ প্ৰেৰণ কৰে৷সোমবাৰে গাঁঁওখনলৈ দুই যুৱকৰ মৃতদেহ আহি পোৱাত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়৷গাওঁখনৰ কৃষক দণ্ডী লহকৰ আৰু চম্পা লহকৰৰ একমাত্ৰ পুুত্ৰ জ্যোতি লহকৰ আৰু প্ৰয়াত অৱনী লহকৰ আৰু কিৰণ লহকৰৰ পূত্ৰ দেৱজিত লহকৰৰ এনে অস্বাভাৱিক মৃত্যু হোৱাত পৰিয়াল আৰু গাওঁখনৰ লগতে অঞ্চলটোৰ প্ৰায়বোৰ পৰিয়ালেই শোকত ভাগি পৰিছে৷মৰোৱা কমলপুৰ গড়কাপ্তানি পথত থকা মাত্ৰাধিক গতিৰোধকৰ বাবে উক্ত হৃদয় বিদাৰক ঘটনা সংঘটিত হোৱা বুলি একাংশ নাগৰিকে মত ব্যক্ত কৰিছে৷এইক্ষেত্ৰত গড়কাপ্তানি বিভাগক শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰো দাবী তুলিছে৷দুয়োজন যুৱকৰ মৃত্যুত অঞ্চলটোৰ দল-সংগঠনৰ লগতে সাংসদ দিলীপ শইকীয়া আৰু নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে৷

Your Comments